Breaking

‘কা’ বাতিলৰ দাবীত আছুৰ মানব শৃংখল

0 1,246

তিনিচুকীয়া : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে, জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৰ’না সংক্ৰান্তীয় ল’বলগীয়া সম্পূৰ্ণ সাৱধানতা তথা সামাজিক দূৰত্বৰ নীতি পালন কৰি উক্ত কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰা হয়৷ কাৰ্যসূচীত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাই৷ কাৰ্যসূচীটোত সহযোগিতা আগবঢ়ায় অসম সাহিত্য সভা, কা বিৰোধী যৌথ মঞ্চৰ বিষয়ববীয়া, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে৷ এই কাৰ্যসূচীৰ জৰিয়তে আছুৱে স্পষ্টকৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছে যে ছাত্ৰ সন্থাই কেতিয়াও ‘কা’ মনা নাছিলে আৰু ভৱিষ্যতেও নামানে৷ লাগিলে পৰিস্থিতি যিয়েই নহওঁক কিয় আছুৱে এই আইন বাতিলৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছে।

Leave A Reply