Breaking

দেশৰ আৰ্থ সামাজিক উন্নয়নত গুৰুত্ব গ্ৰামোন্নয়ন মন্ত্রীৰ

0 102

লংকা 

 মহামাৰী ক’ৰোনাই সমগ্ৰ দেশতে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে গ্ৰাম্য উন্নয়নৰ সকলো আঁচনি সফলতাৰে ৰূপায়ণ কৰি যাতে গ্ৰাম্য দুখীয়া জনসাধাৰণক প্ৰকৃতাৰ্থত সহায় কৰাৰ লগতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো সৱল ৰূপত ধৰি ৰাখিবলৈ গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে। হোজাই জিলাত গ্ৰামোন্নয়ন আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে উপস্থিত হৈ উপায়ুক্তৰ সভাকক্ষত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে এক সভাত মিলিত হৈ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা সমূহৰ বিষয়ে বিশেষকৈ খণ্ড উন্নয়ন বিষয়াসকলৰ পৰা বুজ লয়। সভাত বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা আৰু আয়ুক্ত হেমেন দাসৰ নেতৃত্বত উচ্চ পর্যায়ৰ বিষয়াসকলৰ সৈতে ক্ষেত্ৰিয় বিষয়াসকলে গ্ৰামোন্নয়নৰ অধীনৰ বিভিন্ন আঁচনি যেনে এমজি এনৰেগা, পিএম এৱাই-জি,  চৰ্তুদশ বিত্তীয় আয়োগ,  এন এছ এপি,  ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আদি আঁচনি ৰূপায়ণৰ সম্পর্কে আলোচনা কৰে। আনহাতে ক’ৰোনা ভাইৰাছৰ  সংক্ৰমণে জনস্বাস্থ্যৰ লগতে দেশৰ আৰ্থ- সামাজিক আদি সকলো খেত্ৰতে অনা প্ৰত্যাহ্বানৰ মুখামুখি হৈ ৰাজ্যখনৰ উন্নয়ন সাধিবলৈ সকলোৱে একাগ্ৰতা আৰু সংগবদ্ধ ভাৱে কাম কৰিব লাগিব বুলি মন্ত্রী গৰাকীয়ে উল্লেখ কৰে। মন্ৰীগৰাকীয়ে আৰু কয় যে এই সংকটপূর্ণ সময়ত এমজি এনৰেগাৰ জৰিয়তে গ্ৰাম্য দুখীয়া জনসাধাৰণৰ লগতে বহিঃৰাজ্যৰ পৰা অহা নিবনুৱা লোকসকলকো মজুৰিভিত্তিক কামেৰে  উপকৃত কৰি গ্ৰাম্য দুখীয়া জনসাধাৰণৰ জীৱিকা অৰ্জনত বিশেষ ভূমিকা পালন কৰি গ্ৰাম্য অৰ্থনীতি মজবুত কৰিবলৈ আহবান জনায়। তদুপৰি কৰণা মহামাৰীৰ বাবে মানি চলিবলীয়া সামাজিক দূৰত্ব, মাস্ক পৰিধান আৰু হাত ধোৱাকে ধৰি সকলো নীতি নিয়ম মানি চলিবলৈ আহবান জনোৱাৰ লগতে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আদি ছেনিটাইজ কৰাৰ উপৰি সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ সৌৰশক্তি চালিত বিদ্যুৎ যোগান ব্যবস্থা সুপৰিকল্পিতভাৱে হাতত ল’বলৈ নিৰ্দেশ প্ৰদান কৰে।  ইয়াৰ উপৰি এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহলৈ বেংক ঋণ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকে গ্ৰহণ কৰা কাৰ্যসমূহ বহল ভিত্তিত প্ৰসাৰ কৰিবৰ বাবে নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে জীৱন জীৱিকাৰ লগতে সমাজৰো উন্নয়ন হোৱাৰ লগতে জিলাখনৰ উপায়ুক্ত গৰাকীক এই সকলো ক্ষেত্ৰত তদাৰক কৰিবলৈ নিৰ্দেশনা দিয়ে৷

Leave A Reply