Breaking

তিতাবৰৰ ভগনীয়া গাঁও নামঘৰৰ মজিয়া নিৰ্মাণৰ শুভাৰম্ভ…

0 21

তিতাবৰ বিধানসভা সমষ্টিৰ পশ্চিম তিতাবৰৰ ভগনীয়া গাঁও নামঘৰৰ মজিয়াত টাইলচ স্থাপনৰ শুভাৰম্ভ কৰে তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই।  ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ ২ লাখ ৫০ হেজাৰ টকাৰে নামঘৰৰ মজিয়াত টাইলচ স্থাপনৰ শুভাৰম্ভণী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ হাজৰিকাই ।

ভগনীয়া গাঁও নামঘৰৰ সৈতে জড়িত ভক্তপ্ৰাণ ৰাইজ, নামঘৰ পৰিচালনা সমিতি, স্থানীয় উদীয়মান যুৱ সংঘৰ বিষয়ববীয়া তথা সদস্য-সদস্যামণ্ডলীৰ উপস্থিতিত নিৰ্মাণ সমিতিৰ সভাপতি তথা বয়োজ্যেষ্ঠ সমাজকৰ্মী ৰতি বৰাই আঁত ধৰা অনুষ্ঠানত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সম্পদ নামঘৰে গ্ৰাম্য সমাজক আধ্যাত্মিকভাৱে আগুৱাই নিয়াত মুখ্য ভূমিকা পালন কৰে

আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে সমাজক আগুৱাই নিবলৈ আহ্বান জনায়।

Leave A Reply