Breaking

জামুগুৰিহাটত নদুৱাৰ উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

0 2,415

জামুগুৰিহাট, ২৬ডিচেম্বৰ: হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পক ধৰি ৰখাৰ প্ৰয়াস কৰিছে জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সীমিত পুজিৰে নদুৱাৰ উন্নয়ন খণ্ডৰ দহটাকৈ গাঁও পঞ্চায়তৰ কিছু সংখ্যক লোকক  ক্ৰমাৎ হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। নদুৱাৰ উন্নয়ন খণ্ডৰ চৌহদত দুগৰাকী প্ৰশিক্ষকে  যোৱা ২১ডিচেম্বৰৰ পৰা  তিনি দিনীয়াকৈ প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচীত খৰাহী, পাচি, চালনীকে ধৰি আমাৰ প্ৰয়োজনীয় সামগ্ৰী সমুহ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে  বহু সংখ্যক লোকক। আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই কুটীৰ শিল্পক জীয়াই ৰখাৰ বাবে নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে লোৱা এই পদক্ষেপ আদৰণীয় হিচাপে বিবেচিত হৈছে। নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই জনোৱা মতে ইয়াৰ পিছতে উন্নয়ন খণ্ডটোৰ ফালৰ পৰা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰ পৰাও বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কুটীৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত স্থানীয় বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে ।

Leave A Reply