Breaking

প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম লৈ সমগ্ৰ অসম ভ্ৰমণৰে আৰম্ভ হ’ব সদ্ভাৱনা যাত্ৰাৰ

0 1,250

প্ৰয়াত তৰুণ গগৈৰ ইচ্ছানুসৰিয়েই সমগ্ৰ অসম ভ্ৰমণৰ বাবে সাজু হৈছে পুত্ৰ গৈৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তৰুণ গগৈৰ চিতাভষ্ম লৈ সমগ্ৰ অসম ভ্ৰমণৰে আৰম্ভ হ’ব সদ্ভাৱনা যাত্ৰাৰ। পিতৃৰ শেষ ইচ্ছা পূৰণ কৰা প্ৰত্যেক পুত্ৰৰ কৰ্তব্য, সেই কৰ্তব্যকেই পূৰণৰ উদ্দেশ্যে আগবাঢ়িছে গৌৰৱ গগৈ।

৯ ডিচেম্বৰত যোৰহাট জিলাৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব আৰু ১২ জানুৱাৰীত গুৱাহাটীত এই যাত্ৰাৰ সামৰণি পৰিব। ৯ ডিচেম্বৰৰ যাত্ৰাৰ আৰম্ভণিৰ দিনটোত উপস্থিত থাকিব কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিং, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া । ১০ ডিচেম্বৰত তিতাবৰত অনুস্থিত হব শ্ৰদ্ধাঞ্জলি অনুস্থান । পিছত শদিয়ালৈ গৈ চিতাভষ্ম বিসৰ্জন কৰা হ’ব বুলি জনাই পুত্ৰ গৌৰৱ গগৈয়ে। লগতে তেওঁ কয় যে এই যাত্ৰাত প্ৰত্যেকখন জিলা সামৰিবলৈ চেষ্টা কৰা হ’ব। লগতে যাত্ৰাৰ সময়ত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য উত্থাপন নকৰে বুলি দোহাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে।

‘পদযাত্ৰা কৰি যি অঞ্চলত যিয়ে নদী থাকিব তাতেই বিসৰ্জন কৰা হ’ব চিতাভষ্ম । এই যাত্ৰা শান্তিৰ যাত্ৰা, সদ্ভাৱনাৰ যাত্ৰা, অসমৰ সমন্বয়ৰ বাবে থকা তৰুণ গগৈৰ লক্ষ্য-সপোন পুনৰবাৰ সোঁৱৰা হ’ব’ – গৌৰৱ গগৈ।

ডিজিটেল লাইব্ৰেৰীৰ ক্ষেত্ৰতো মন্তব্য গৌৰৱৰ । তেওঁ কয় যে, ‘ডিজিটেল লাইব্ৰেৰীৰ বাবে প্ৰায় ২ হাজাৰ ফটো ইতিমধ্যে সংগ্ৰহ হৈছে যিবোৰ আগতে দেখা হোৱা নাছিল, আৰু বহুত ফ’টো পাবলৈ এতিয়াও বাকি আছে ’।

Leave A Reply