Breaking

কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত জনজাগৰণ আৰু বিশেষ সম্বৰ্দ্ধনা সভা সম্পন্ন

0 108

ৰাজ্যৰ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি বকোত আয়োজন কৰা হৈছে জনজাগৰণ আৰু বিশেষ সম্বৰ্দ্ধনা সভাৰ। আজি বকো আৰক্ষী থানাৰ অধিনৰ বকোস্থিত বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত এক জনবহুল পৰিবেশত আয়োজন কৰা হয় বিশেষ সম্বৰ্দ্ধনা আৰু জনজাগৰণ সভা। ইফালে কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক অনুপম দাসে জনোৱা মতে আজি সংগঠনটোৰ সভাপতি বিষ্ণু ৰাম দাসে পূৱা পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে।

পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়াই। কাৰ্য্যসুচীত চিলাৰায়ৰ বৃহৎ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাণাদিত্য বৰ্মণে। অনুস্থানত দিনৰ ভাগত অনুষ্ঠিত হয় জনজাগৰণ আৰু সম্বৰ্দ্ধনা সভা। সভাপতি বিষ্ণু ৰাম দাসে সঞ্চালনা কৰা সভা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক দীপক কুমাৰ ৰয়ে। ইফালে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা বিষয়টো চৰকাৰী ভাৱে কি ব্যৱস্থা কৰা হৈছে তাক লৈ অসম বিধানসভাত সৰব হৈ পৰা অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক উষ্ণ আদৰণি আৰু সম্বোৰ্ধনা জনোৱা হয়। নিমন্ত্ৰিত অতিথিৰ ভাষণত বিধায়ক কলিতাই কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ সমাধান বিচাৰি অসম বিধানসভাৰ মজিয়াত সজোৰে দাবী উত্থাপন কৰাৰ আশ্বাস দিয়ে।

অনুস্থানত অসম গণ পৰিষদৰ নেত্ৰী তথা নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক ; বিশিষ্ট সমাজকৰ্মী পৰমানন্দ বড়ো ; অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জ্যেষ্ঠ জ্ঞাতি গীৰিন্দ্ৰ কুমাৰ চৌধুৰী ; কোচ ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা ব্যক্তি ডিম্বেশ্বৰ দাস ; যুৱ নেতা পৰাণজ্যোতি দাস ; ৰজিত বড়ো আদিকে ধৰি বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। জনজাগৰণ সভাত বহু কেইজন অতিথিয়ে জনগোষ্ঠীটোৰ সমস্যাৰ সমাধান কল্পে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত আলোকপাত কৰে। অনুস্থানত কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বকীয় সত্তাৰ নৃত্য গীত পৰিৱেশন কৰা হয়।

আনহাতে জনজাগৰণ সভাৰ জৰিয়তে সভাপতি বিষ্ণু ৰাম দাসে অসম চৰকাৰক অতি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ সজোৰে আহ্বান জনায়। সভাত ৰাণাদিত্য বৰ্মণ আৰু দীপক কুমাৰ ৰয়ে জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট্যৰ কৃষ্টি সংস্কৃতিৰ উত্তোৰণৰ লগতে সমস্যা সমাধান বিচাৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুধাবিভক্ত সংগঠন সকলোক একত্ৰিত হোৱাৰ আহ্বান জনায়। শেষত সভাপতিয়ে অনুস্থানটো সফল ৰূপায়ণ কৰাত সহায় সহযোগ আগবঢ়োৱা বাবে সকলোকে শলাগ লয়। ইফালে সন্ধিয়া পৰত অনুস্থানৰ সফল সামৰণিৰ বন্তি প্ৰজ্বলন কৰে উপদেষ্টা গৌৰাংগ চৌধুৰীয়ে।

Leave A Reply