দক্ষিণ শালমাৰা মানকাচৰ জিলাত দুখীয়া মানুহৰ মাটিৰ নথি পত্ৰ দালালৰ নামত আৱণ্টন দিয়াৰ অভিযোগ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভূমি আৱণ্টনৰ নামত মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পত্নী তথা দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ, জিলা পৰিষদৰ চেয়াৰমেন মেৰীনা খানমে বাঘা পাৰাৰ হাজী পাৰা গাওঁৰ বিলাল সেখ, বান শালীৰ হাবিল উদ্দিন সেখ, বান শালীৰ কুমুৰ আলী আৰু পৰশ আলীৰ পৰা বিঘাই প্ৰতি ৬০ হাজাৰকৈ টকা ভূমি আৱণ্টনৰ কাম কৰি দিয়াৰ নামত কেইবা লাখ টকা লৈছিল ৬ মাহ মান আগতে। কিন্তু মাটিৰ কাম কৰি দিয়াৰ পৰিবৰ্তে মেৰীনা খানমে বাঘাপাৰাৰ ৩িনিজন দালালৰ লগত গোপন বুজা বুজি কৰি উক্ত ভুক্তভোগীয়ে ভোগ দখল কৰি ঘৰ বাৰী সাজি বসবাস কৰি থকা দুখীয়া মানুহৰ মাটিৰ নথি পত্ৰ দালালৰ নামত আৱণ্টন দিয়াৰ অভিযোগ স্বয়ং ভুক্তভোগীয়ে উথাপন কৰে। ইয়াৰ উপৰিও উক্ত ভূমি আৱণ্টনৰ লগত জিলা খনৰ তদানীন্তন জিলা উপায়ুক্ত আতিকা চুলতানা জড়িত হৈ জিলা খনত বহু টকা লুন্ঠন কৰাৰ কথা সৰ্বত্ৰে চৰ্চিত। গতিকে ভুক্তভোগীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জৰিয়তে চৰজমিন তদন্ত কৰিলে জিলা খনত কৌটি কৌটি টকাৰ লুণ্ঠন যে হৈছিল ভূমি আৱণ্টনৰ নামত সেই কথা অতি স্পষ্টকৈ ভাহি উঠিব। লগতে জিলা খনৰ বহু ভুক্তভোগীয়ে তদন্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনায় ।

Related Articles