Breaking

ডবকাত ৰাস্তা দখলৰ অভিযোগ নেতাৰ বিৰুদ্ধে। শীঘ্ৰে মুকলি কৰাৰ দাবী

0 2,131

হোজাই জিলাৰ ডবকাৰ এখন গাওঁ ,নাম ভেলৌগুৰি কচাৰী গাওঁ ৷ সহস্ৰাধিক লোকে বসবাস কৰা  গাওঁখনৰ ৰাইজে যাতায়ত কৰোতে যমৰ যাতনা ভূগীব লগীয়া হৈছে ৷ কিয়নো গাওঁখনলৈ সোমোৱা মূল পথটো আজি কেইবা বছৰ ধৰি পানীৰে বুৰ গৈ আছে ৷ পথৰ ওপৰতে এক নৈ সাদৃস পৰিবেশ ৷ কাষত থকা পাহাৰৰ পৰা বৈ অহা এটি জুৰি গাওঁখনৰ কাষেৰে বৈ গৈছে যদিওঁ গাওঁখনৰেই একাংশ লোকে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে জুৰিটো বন্ধ কৰি দিয়ে ৷ যাৰ ফলত জুৰিৰ পানীয়ে পথৰ ওপৰেদিয়েই গতি কৰিবলৈ আৰম্ভ কৰিছে ৷ আজি বহু বছৰ ধৰি গাওঁখনৰ ৰাইজ,ছাত্ৰ-ছাত্ৰীয়ে  এই পানী খচকিয়েই চলাচল কৰিব লগা হৈছে ৷ ৰাইজে সম্পূৰ্ণ বিষয়টো কেইবাবাৰো প্ৰশাসন  তথা স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰাইছে যদিওঁ কোনো সুফল নাপালে ৷ জুৰিৰ মাটি বেদখল কৰা জনৈক অনিল,ললিত আৰু সত্যনাৰায়ন শাসকীয় বি,জে,পি দলৰ কৰ্মকৰ্তা হোৱাৰ হেতুকে হোজাই জিলা প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে গাওঁখনৰ ৰাইজে ৷ 

Leave A Reply