Breaking

লোকসভা নিৰ্বাচনে দেখুৱালে সিদ্ধান্ত কেৱল ৰাইজৰ হাতত…

0 22

অৱশেষত বহু জল্পনা-কল্পনাৰ শেষত প্ৰায় দেৰ মাহৰ ভোট যুদ্ধৰ অন্তত ভাৰতৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ অন্ত পৰিল। ৪ জুন তাৰিখে এই ভোট যুদ্ধৰ পৰিসমাপ্তি ঘটিল। লগে লগে অন্ত পৰিল নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্য কালৰ।ভবা হৈছিল এইবাৰৰ নিৰ্বাচনত পুনৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অভাৱনীয়সংখ্যক আসন লাভ কৰি বিজয় সাব্যস্ত কৰিব।ভবা হৈছিল নহয়, ভাবিবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু যোৱা ৪ জুনত ঘোষণা কৰা ফলাফলে অকল দেশবাসীকে নহয়, বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতৰ এই নিৰ্বাচনী ফলাফলে স্তম্ভিত কৰি তুলিলে সমগ্ৰ বিশ্বকে। কাৰণ এইবাৰৰ বিজেপিৰ নিৰ্বাচনী চমকে যেন পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি দেশত মোদী ঢৌ বিয়পাই দিছিল। কেৱল মোদীৰ মুখলৈ চাই ভোট দিবলৈ আহ্বান জনাই আহিছিল প্ৰত্যেকখন নিৰ্বাচনী সভাত বিজেপিৰ নেতা-কৰ্মীসকলে। নিৰ্বাচনক আগত ৰাখিয়েই বিজেপিয়ে খৰধৰকৈ অযোধ্যাত নিৰ্মাণ কৰিছিল ৰাম মন্দিৰ। হিতাধিকাৰীৰে দেশৰ জনতাক লোভনীয় আঁচনিৰে ওপচায় দিছিল। কাশ্মীৰৰ পৰা ৪০৭ আইন প্ৰত্যাহাৰ কৰিছিল। পূৰ্বৰ নিৰ্বাচনবোৰ যেনেদৰে মোগলৰ কথা কৈ, শৰাইঘাটৰ শেষ ৰণৰ কথা কৈ, মুছলমানৰ আগ্ৰাসনৰ কথা কৈ মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰি আহিছিল এইবাৰৰ নিৰ্বাচনত তেনে কোনো বিভাজনৰ ৰাজনীতিৰ পৰা শাসক দল বিজেপি আঁতৰত আছিল।

ইয়াৰ লগে লগে সকলো বিৰোধী দলক একপ্ৰকাৰ নস্যাৎ কৰাৰ ষড়যন্ত্ৰও অঘোষিতভাৱে চলি আছিল। কাৰণ আমি দেখিবলৈ পাইছিলো যে নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰীক আবকাৰী কেলেংকাৰিত গ্ৰেপ্তাৰ কৰা হৈছিল। কংগ্ৰেছ দলৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। আনহাতে, বহু নেতাক ইডি, চিবিআই আদিৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল অথবা হাৰাশাস্তি কৰা হৈছিল। নিৰ্বাচনৰ আগে আগে একাংশ মিডিয়াৰ জৰিয়তে এনেধৰণৰ প্ৰচাৰ চলোৱা হ’ল যে এইবাৰ বিৰোধী দলসমূহ একেবাৰে নিঃচিহ্ন হৈ যোৱা বুলিয়েই ভাবিবলৈ বাধ্য হৈছিল নাগৰিকসকলে। প্ৰায়বিলাক প্ৰচাৰ মাধ্যমেই এক্সিট প’লৰ জৰিয়তে বিজেপি তথা নৰেন্দ্ৰ মোদীৰ বিপুল সংখ্যক ভোটৰ ব্যৱধানত আৰু অভিলেখসংখ্যক আসনেৰে জয়লাভ কৰাৰ কথা ঘোষণা কৰা হৈছিল। গতিকে ভাৰতৰ সকলো নাগৰিকেই ভাবিছিল যে এইবাৰ পুনৰ দিল্লীৰ ৰাজপাটত বহিব নৰেন্দ্ৰ মোদী। কিন্তু ঘোষিত নিৰ্বাচনী ফলাফলে যেন সকলো ওলট-পালট কৰি দিলে। নিৰ্বাচনী সভাবোৰত ‘অবকী বাৰ ৪০০ পাৰ’ শ্ল’গানেৰে তালফাল লগোৱা বিজেপি দলটো এইবাৰ ৪০০তো বহুত দূৰতে থাকিল। ৩০০ৰ ঘৰো ঢুকি নাপালে। বিজেপি দলটোৱে এইবাৰ নিজাকৈ পালে মাত্ৰ ২৪০খন আসনহে। গতিকে বিজেপি দলটো হতাশ হোৱাটোৱেই স্বাভাৱিক। তাৰ বিপৰীতে নৱগঠিত ‘ইণ্ডিয়া’ মৰ্চাই ২৩৫খন আসনত বিজয় সাব্যস্ত কৰি সমগ্ৰ দেশত তীব্ৰ বেগত বৈ থকা মোদী লহৰ ৰোধ কৰাত চমকপ্ৰদ সফলতা লাভ কৰিলে। ৯৯খন আসন দখল কৰি কংগ্ৰেছ দলটোৱেও দেখুৱাই দিলে যে দলটোৰ সাংগঠনিক ভেটি এতিয়াও মজবুট। কাৰণ একাংশই সপোন দেখিছিল কংগ্ৰেছশূন্য ভাৰতৰ। চৰকাৰ গঠন কৰাৰ জোখাৰে ‘ইণ্ডিয়া’ই আসন পাবলৈ সক্ষম নহ’লেও কিন্তু নৈতিক বিজয় সাব্যস্ত কৰিলে বিৰোধীয়ে। আনহাতে, ৪০০ পাৰ কৰিব বুলি আত্মবিশাসী হৈ থকা বিজেপিয়েও চৰকাৰ গঠনৰ জোখাৰে আসন পাবলৈ সক্ষম নোহোৱাত তেওঁলোকেও এইবাৰ আনৰ সহায়তহে চৰকাৰ গঠন কৰিবলৈ ওলাইছে। অৰ্থাৎ ৯ জুনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অন্ধ্ৰৰ চন্দ্ৰবাবু নাইডু, বিহাৰৰ নীতিশ কুমাৰৰ সহযোগত চৰকাৰে শপতগ্ৰহণ কৰিলে। তৃতীয়বাৰলৈ আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী।


এইবাৰ নিৰ্বাচনত বহুকেইটা কথাই জনসাধাৰণৰ আগত স্পষ্ট হৈ পৰিল। মিথ্যাচাৰ আৰু দমন নীতিৰে কেতিয়াও লক্ষ্যত উপনীত হ’ব নোৱাৰি। মানুহক আজি আৰু প্ৰলোভনৰ ৰাজনীতিৰেও চলাব নোৱাৰি। আঁচনিৰে সাধাৰণ জনতাৰ বিবেকক জয় কৰিব নোৱাৰি আৰু বিভাজনৰ ৰাজনীতি কৰি অথবা ধৰ্মৰ নামত ভাগ ভাগ কৰি কেতিয়াও কোনো সফলতা আনিব নোৱাৰি। ইয়াৰ উদাহৰণ এইবাৰৰ নিৰ্বাচনতে স্পষ্টভৱে দেখিবলৈ পোৱা গ’ল। যি কংগ্ৰেছ দল এইবাৰৰ নিৰ্বাচনত ধূলিসাৎ হৈ যাব বুলি ভবা হৈছিল সেই দলটোৰ উত্থান হ’ল অভাৱনীয়ভাৱে। আৰু যিটো দল শাসনত থকাৰ উপৰি এইবাৰ ৪০০ আসন পাব বুলি দৃঢ় বিশ্বাসী আছিল সেই বিজেপিয়ে ২৪০খন আসনতে সীমাবদ্ধ হৈ থাকিবলৈ বাধ্য হ’ল। নিৰ্বাচনটোক গান-বাজনা, নাচি-বাগি যদিও চমক সৃষ্টি কৰিলে, সেই চমকত জনসাধাৰণ ভোল নগ’ল। এতিয়া যে একেখিনি মানুহেৰে বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ নেতা আনি ভাষণ দিলেই তেওঁলোকে ভোট লাভ কৰিব সেই কথা যেন এতিয়া অমতীত হ’বলৈ গৈ আছে। টকা, প্ৰলোভনৰ ৰাজনীতি আৰু নচলিব। হিতাধিকাৰীয়েও যেন এইবাৰৰ নিৰ্বাচনত সহায় নকৰিলে বিজেপি দলটোক। এইবাৰ নিৰ্বাচনে প্ৰমাণ কৰি দিলে অহংকাৰী, ভাষণৰ নামত ভুৱা আৰু অসংযত কথাৰে, তুচ্ছ-তাচ্ছিল্য কৰি অথবা আচহুৱা বডী লেংগুৱেজেৰে মানুহক দমন কৰিব পাৰিলেও অন্তৰ জয় কৰিব পাৰি। তেনে ৰাজনীতিৰ সময় উকলিল। জনতা জনাৰ্দনে সকলো বুজি পালে। নেতাৰ বহুৱালী আৰু বৰ বৰ ভাষণ শুনাৰ সময় নাই এতিয়া কাৰো। এটা মাত্ৰ উদাহৰণ- যোৰহাট মাত্ৰ এটা লোকসভা সমষ্টি। আন আন সমষ্টি যেনে তেনে এটা সমষ্টিয়েই হ’ল যোৰহাট সমষ্টি। কিন্তু হঠাতে সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চাৰ বিষয় হৈ পৰিল যোৰহাট সমষ্টি। যেন এইবাৰ সকলোৰে লক্ষ্য হৈ পৰিল যোৰহাট সমষ্টি। ইয়াৰ মূল কাৰণটোৱেই হৈছে- যোৰহাট সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লৈছে সততা আৰু নিষ্ঠাৱান যুৱ প্ৰতিনিধি কংগ্ৰেছৰ গৌৰৱ গগৈ। আনহাতে, গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ সাংসদ তপন গগৈ। বিজেপিয়ে হয়তো ভাবিছিল গৌৰৱ গগৈ জিকিবলৈ হ’লে অসমত কংগ্ৰেছৰ বৃহৎ উত্থান হ’ব আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ শক্তিশালী হৈ পৰিব অসমত। সেয়ে গৌৰৱ গগৈক পৰাজিত কৰিব কাৰণেই অসমৰ প্ৰায় মন্ত্ৰীসভাখনেই যেন উবুৰি খাই পৰিছিল যোৰহাটত। যোৰহাট সমষ্টিত বৰ্তমানৰ ১০টা সমষ্টিৰ এটা সমষ্টি তিতাবৰৰ বাহিৰে আটাইকেইটা সমষ্টিতে শাসকীয় বিজেপি দলৰে প্ৰতিনিধি আছিল। সেয়ে হয়তো বিজেপি অধিক আত্মবিশ্বাসী হে পৰিছিল। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে সেয়ে গৌৰৱ গগৈ যোৰহাটত জিকিলে ৰাজনীতিৰ পৰাই সন্যাস ল’ম বুলি সদম্ভে কৈ দিলে। আন এগৰাকীয়ে এইবাৰ পিতৃ অবিহনে গৌৰৱ গগৈয়ে জিকি দেখুৱাওক বুলিও সগৌৰৱে ঘোষণা কৰিলে। আন আন বিধায়ককেইগৰামানে তেওঁলোকৰ ষ্টাইলত গৌৰৱ গগৈ যে নিৰ্ঘাত হাৰিব তাৰেই উমান দিছিল। কিন্তু জনসাধাৰণ যে নিশ্চিন্তে সততাৰ পক্ষতে থিয় হৈ আছিল সেইটো কাৰো বোধগম্যই নহ’ল। এসময়ত মতা মাছ মাইকী মাছ চিনি নোপোৱা ল’ৰাটোৱে আজি বাঘৰ মুখৰ পৰা মাংস কাঢ়ি আনিব পৰা সাহস হ’ল। এয়া একমাত্ৰ সৰলতা, সহিষ্ণুতা, সততা আৰু বলিষ্ঠ নেতৃত্বৰ গুণতেই হৈছে। দম্ভ-অহংকাৰ এতিয়া আৰু কোনেও সহ্য নকৰে। এইবাৰৰ নিৰ্বাচন সেইটোৱেই প্ৰমাণিত হৈছে। গোটেই প্ৰচাৰ মাধ্যমটোকে একপ্ৰকাৰ ব্যৱহাৰ কৰিছিল শাসকীয় দলটোৱে কিন্তু কাৰ্যতঃ ফলাফল বিচৰা ধৰণে পাবলৈ সক্ষম নহ’ল। তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসী তৃতীয়বাৰৰ বাবে জয়লাভ কৰিলে যদিও পূৰ্বৰ তুলনাত এইবাৰ ভোটৰ সংখ্যা কমিল। ২০১৪ চনত ৩,৭১,৭৮৪টা আৰু ২০১৯ত ৪,৭৯,৫০৫ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল নৰেন্দ্ৰ মোদী। এইবাৰ তেওঁ লাভ কৰিলে মাত্ৰ ১,৫২,৫১৩টা ভোট। আনহাতে, কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ৰাইবেৰেলী আৰু ৱায়ানাদ সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিছিল।


উল্লেখ্য যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই খুব খৰধৰ কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ল। অথচ এই অযোধ্যাতে বিজেপিয়ে পৰাজয়বৰণ কৰিব লগা হ’ল। যিটো আছিল বিজেপিৰ বাবে ডাঙৰ আঘাত। আনহাতে, গান্ধী পৰিয়ালৰ সমষ্টি বুলিয়েই জনাজাত আমেথিত যোৱাবাৰ বিজেপিৰ স্মিতা ইৰাণীয়ে ৰাহুল গান্ধীক পৰাস্ত কৰি নিৰ্বাচনত জয়ী হৈ আহি মন্ত্ৰী পদ শুৱনি কৰিছিল। কিন্তু এইবাৰ সেইগৰাকী স্মিতি ইৰাণী আমেথিত পৰাজয় স্বীকাৰ কৰিব লগা হ’ল কংগ্ৰেছৰ হাতত। সেয়ে এইবাৰ নিৰ্বাচনত এটা কথা স্পষ্ট হৈ স পৰিল যে ভাৰতবৰ্ষৰ জনতাই নিজৰ ভোট সাব্যস্ত কৰিলে গণতন্ত্ৰ ৰক্ষা, সংবিধানৰ পক্ষত আৰু দম্ভ-অহংকাৰৰ বিপক্ষে। সামগ্ৰিক দৃষ্টিত এয়া মোদী চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰবল জনমত। বিগত দহ বছৰে শাসকপক্ষৰ দম্ভ-অহংকাৰক ভোটদাতা ৰাইজে একমুখে অস্বীকাৰ কৰিলে। তেওঁলোকৰ অহংকাৰ ইমানেই বাঢ়ি গৈছিল যে ‘কংগ্ৰেছমুক্ত ভাৰত’ শ্ল’গানৰ আৰু ওপৰলৈ গৈ ‘বিৰোধীমুক্ত ভাৰত’ গঢ়াৰ শ্ল’গান আওৰাবলৈ আৰম্ভ কৰিছিল। কিন্তু এটা ৰাইজে প্ৰমাণ কৰি দেখুৱালে যে যি দলৰে চৰকাৰেই নহওক কিয় সাংবিধানিক বিধি-ব্যৱস্থাক উলংঘা কৰাৰ সাহস যিয়ে কৰিবলৈ চেষ্টা কৰিব সেই দলকে শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱা হ’ব। ইমানৰ পিছতো তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰিলে সহযোগী দলৰ সহায়ত। আশা কৰিছো, পূৰ্বৰ কথা-কামৰ নিৰ্ভুল পৰ্যালোচনা কৰি এখন ধৰ্মনিৰপেক্ষ আৰু সুস্থ গণতন্ত্ৰ স্থাপনত অধিক গুৰুত্ব দিব। হিংসাৰে অন্তৰ জয় কৰা কাৰো বাবে সম্ভৱ নহয়। এইবাৰ মোদী মন্ত্ৰীসভাত অসমৰ দুগৰাকী সাংসদে স্থান লাভ কৰিছে। এয়া আমাৰ বাবে সু-খবৰ। আশা ৰাখিছো তেওঁলোকে অসমৰ সৰ্বাংগীণ উন্নয়নত অধিক গুৰুত্ব দিব। সকলোকে সন্মানসহকাৰে চাব। এয়া আশা। অসম তথা ভাৰতবৰ্ষৰ ভোটাৰ ৰাইজকো ধন্যবাদ যে কোনো প্ৰলোভন, ভয়-ভাবুকিৰ পৰা মুক্ত হৈ নিজৰ স্থিতিত অটল থাকি ভোটদান কৰিলে। এতিয়া সময় দলতকৈ প্ৰাৰ্থীগৰাকীৰ কৰ্মদক্ষতাৰ ওপৰতহে গুৰুত্ব দিয়াৰ। তোষামোদৰ ৰাজনীতিৰ পৰা মুক্ত হোৱাৰ।

Leave A Reply