Breaking

বিশ্বৰ ভিতৰত সৰ্বনিম্ন : ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ ১.৫৭ শতাংশ

0 1,293

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, দেশত ক’ভিড-১৯ত মৃত্যুৰ হাৰ ১.৫৭ শতাংশলৈ আহিছে, যিটো বিশ্বৰ ভিতৰতে নিন্মতম ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে এক সংবাদ মেলত কয়, ক’ভিড-১৯ত ভাৰতত মৃত্যুৰ পৰিমাণ ১.৫৮ শতাংশ হৈছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বনিম্ন ৷ যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৬৪০০ লৈ কমিছে ৷ তদুপৰি ক’ৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ লোকৰ পৰিমাণ ৭৫ শতাংশ বুলি সচিবজনে জানিবলৈ দিয়ে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত আৰোগ্য হোৱা লোকৰ পৰিমাণ ৩.৪ গুণৰো অধিক ৷ আনহাতে দেশত মুঠ ২২.২ শতাংশ আক্ৰান্ত ৷ সচিবজনে কয়, ক’ভিড-১৯ত আক্ৰান্ত সকলৰ ভিতৰত ২.৭ শতাংশ লোকক অক্সিজেনৰ প্ৰয়োজন হয় ৷ আনহাতে ১.৯২ শতাংশ ৰোগী আইচিইউত ভৰ্ত্তি হয় ৷ তদুপৰি ০.২৯ শতাংশ ৰোগী ভেণ্টিলেটৰত থাকিব লগা হয় ৷ ইপিনে ক’ভিড-১৯ ভেকছিন প্ৰস্তুত কৰাৰ দৌৰত ভাৰত আগবাঢ়ি আছে ৷ ছিৰাম ইনষ্টিটিউটৰ ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়, ভাৰত বায়’টেক আৰু জীডুছ কেডিলাৰ ভেকছিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা চলি আছে বুলি ইতিমধ্যে আইচিএমআৰৰ সঞ্চালক প্ৰধানে জনাইছে ৷ উল্লেখ্য যে ভাৰতত ক’ৰোনাত ৩১৬৭৩২৪ লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত ২৪০৪৫৮৫জন লোক আৰোগ্য হৈ ঘৰলৈ গৈছে ৷ আনহাতে ৫৮৩৯০ জন লোক এই ভাইৰাছত মৃত্যু হৈছে ৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ৬০৯৭৫ জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৪৮ জন লোকৰ মৃত্যু হয় ৷

Leave A Reply