Breaking

সমাজ সেৱক তথা বিশিষ্ট যুৱ ব্যৱসায়ী চুচন গগৈৰ মহানুভৱতা ৷ জটিল ৰোগত আক্ৰান্ত পম্পী গগৈৰ চিকিৎসাৰ বাবে প্ৰদান ১০ হাজাৰ টকা…

0 53

সমাজ সেৱক তথা বিশিষ্ট যুৱ ব্যৱসায়ী চুচন গগৈৰ মহানুভৱতা ৷ জটিল ৰোগত আক্ৰান্ত পম্পী গগৈৰ চিকিৎসাৰ বাবে নগদ ১০ হাজাৰ টকা অৰ্থ সাহাৰ্য্য প্ৰদান ৷ পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰি ভৰ যৌৱনত ৰঙীন স্বপ্ন দেখাৰ সময়তে দুচকুৰ চকুলো মচি এক দূৰ্বিহ জীৱন পাৰ কৰিছে টেঙাখাত চুঙি গাঁৱৰ এগৰাকী দূৰ্ভগীয়া যুৱতীয়ে। যুৱতীগৰাকীৰ নাম পম্পী গগৈ ৷ মাত্ৰ কেইমাহ মানৰ আগেয়ে দিন হাজিৰা কৰি দৰিদ্ৰ পৰিয়ালটিক পোহপাল দিয়া পম্পীৰ পিতৃ হৰিচন গগৈৰ মৃত্যু হোৱা বেদনাই কন্যা আৰু পত্নীক দহি থকাৰ সময়তে পম্পীয়ে এতিয়া ভুগিছে মগজুৰ এক জটিল ৰোগত ৷ যাৰ ফলত তাই এতিয়া দুয়োটা চকুৰে সম্পূৰ্ণ অন্ধ হৈ পৰিছে আৰু অৰ্থৰ অভাৱত পৰি উন্নত চিকিৎসা কৰোৱাৰ পৰা বঞ্চিত হৈ দিনে নিশাই বিচনাতে পৰি কেৱল দুচকুৰে চকু পানী টুকি থকাৰ বাহিৰে কোনো পথ বিছাৰি পোৱা নাই পম্পী আৰু দূৰ্ভগীয়া মাতৃ দিপালী গগৈয়ে ৷

এই ক্ষেত্ৰত টেঙাখাতৰ সমাজ সেৱক তথা বিশিষ্ট যুৱ ব্যৱসায়ী চুচন গগৈয়ে এই খবৰ লাভ কৰাৰ লগে লগে শনিবাৰে সন্ধিয়া দূৰ্ভগীয়া পম্পী গগৈৰ বাসগৃহত উপস্থিত হয় আৰু পম্পীৰ মাতৃৰ উপস্থিতিত উন্নত চিকিৎসাৰ বাবে নগদ ১০ হাজাৰ টকা সাহাৰ্য্য হিচাপে প্ৰদান কৰে ৷ লগতে প্ৰয়োজন সাপেক্ষে পুনৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে আৰু অনান্য সামৰ্থবান ব্যক্তি সকলকো এই গৰাকী দূৰ্ভগীয়া যুৱতীক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাই ৷

Leave A Reply