Breaking

বাঘজানত পাইপ লাইনত বিস্ফোৰণ হৈ গেছ নিৰ্গত হোৱা ঘটনাত মৰাণ জাতীয় মহিলা পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

0 33

কাকপথাৰ

  মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে দীপা শইকীয়া বড়া আৰু হেমা মৰাণে বাতৰি কাকতলৈ দিয়া এক বিবৃতি যোগে জনাইছে যে অইল ইণ্ডিয়াই কৰ্দৈগুৰি অঞ্চলৰ বাঘজান গাঁৱত দীৰ্ঘদিন ধৰি  স্থানীয় লোকসকলৰ লগতে অঞ্চলটোৰ পৰিৱেশত কোনো হানি বিঘিনিৰ প্ৰতি তিলমানো ভ্ৰুক্ষেপ নকৰি বিজ্ঞানসন্মত পৰিকল্পনা অবিহনে খনন কাৰ্য চলাই অহাৰ ফলশ্ৰুতিতে বৰ্তমানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ তুলিছে৷বাঘজান তৈলক্ষেত্ৰৰ পৰা গেছ আৰু তেল নিৰ্গত হৈ স্থানীয় লোক সকলৰ লগতে গছ গছনি আৰু পক্ষীকুলৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰ্যত মৰাণ জাতীয় মহিলা পৰিষদে তীব্ৰ গৰিহনা দিছে।অতিশ্ৰীঘ্ৰে খাদটোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতিৰে খনন কাৰ্য চলাবলৈ দাবী জনায় ৷ লগতে ক্ষতিগ্ৰস্ত লোকসকল ক্ষতিপূৰণ দিয়াৰ লগতে জীৱকুল আৰু পৰিৱেশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায় ৷ বাঘজান তেলখাদৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত মৰাণ জনজাতি অধ্যুষিত অঞ্চলৰ তেলখাদ সমূহ বন্ধ ৰাখিবলৈ দাবী জনায় ৷ অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰো হুংকাৰ দিয়ে।ইফালে চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰতন বড়াই প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি অতি সোনকালে যদি বাঘজান ৫ নং খাদৰ পৰা অহৰহ নিৰ্গত হৈ থকা গেছ আৰু তেল ওলোৱা বন্ধ নকৰে , তেতিয়া হলে অঞ্চলটোৰ বহু ক্ষয় ক্ষতি হোৱাৰ লগতে ডাঙৰী নদীৰ মাছ-কাছ, মটাপুং মাগুৰি বিলৰ দুষ্প্ৰাপ্য শিহু আৰু ভিন্ন প্ৰজাতিৰ মাছ পানীত মৰাৰ ওপৰিও গছ গছনি  হোৱাৰ অনিষ্ট হ’ব৷ গতিকেএইক্ষেত্ৰত জিলা প্ৰশাসন, বনবিভাগৰ লগতে অইল কৃৰ্তপক্ষক যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে।লগতে তিনিচুকীয়া জিলাত চলি থকা  প্ৰতিটো তেলখাদ এই ভয়াবহ সমস্যা বন্ধ নোহোৱালৈকে তথা তৈল নিগমৰ লগত জাতীয় আৰু সামাজিক সংগঠনৰ আলোচনা নোহোৱা পৰ্যন্ত সকলো তেলখাদ আজি তাৰিখৰ পৰা বন্ধ কৰিবলৈ দাবী জনাইছে। উক্ত দাবীসমূহ সমাধান নোহোৱাৰ প্ৰৰ্যন্ত অইল ইণ্ডিয়াই তিনিচুকীয়া জিলাত কোনো খনন কাৰ্য কৰিব নোৱাৰিব। এনে সমস্যাৰ ওপৰত তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই আগন্তক সময়ত প্ৰতিবাদী কাৰ্যসূচীৰো গ্ৰহণ কৰাৰো সিদ্ধান্ত  লৈছে।

Leave A Reply