Breaking

হেৰাই গ’ল সেই সুমুধুৰ কণ্ঠ। বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ মৃত্যুত দৈনন্দিন বাৰ্তা গোষ্ঠী ফালৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ…

0 98

হেৰাই গ’ল সেই সুমুধুৰ কণ্ঠ। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ GMCHত শেষ নিশ্বাস ত্যাগ। ৮৫ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাৰ। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা গীতিকাৰ, সুৰকাৰ দিলীপ শর্মাৰ পত্নী আছিল। শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ অজস্ৰ জনৰ। সুদক্ষিণা শৰ্মাৰ মৃত্যুত সংগীৰ ক্ষেত্ৰৰ লগতে সাংস্কৃতিক আৰু সামজাকি ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।


২০২২চনত আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত ৰবীন্দ্ৰ ভৱনত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী, সংগীতজ্ঞ সুদক্ষিণা শৰ্মাক দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰোঁৱা হয়। তেখেতৰ মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰিছে সকলোকে। দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ফালৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Leave A Reply