Breaking

জিএছটি আইনৰ অধীনত যিকোনো কৰ সম্পৰ্কীয় গোচৰৰ বাবে নিম্নতম ধনৰ পৰিমাণ ২কোটি টকালৈ বৃদ্ধি…

0 49

সেইদৰে তিনি ধৰণৰ বিষয়ত অপৰাধ নাথাকিব। জিএছটি পৰিষদে এনে এটা প্ৰস্তাৱেই দিছে। প্ৰস্তাৱ অনুসৰি, এতিয়াৰ পৰা এই তিনি প্ৰকাৰৰ বেআইনী কামক অপৰাধ হিচাপে গণ্য কৰা নহ’ব। একে সময়তে, জিএছটি আইনৰ অধীনত যিকোনো কৰ সম্পৰ্কীয় গোচৰৰ বাবে নিম্নতম ধনৰ পৰিমাণ ২কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

শনিবাৰে নতুন দিল্লীত জিএছটি পৰিষদৰ ৪৮ সংখ্যক বৈঠকৰ পিছত কেন্দ্ৰীয় ৰাজহ সচিব সঞ্জয় মালহোত্ৰাই কয়, “কিছুমান অপৰাধমূলক কাৰ্যক যাতে ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰা নহয় তাৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হৈছে। তিনি প্ৰকাৰৰ অপৰাধৰ ক্ষেত্ৰত সেই সিদ্ধান্ত লোৱা হৈছে।‘’

এই তালিকা অন্তৰ্ভুক্ত আছে এজন বিষয়াক তেওঁৰ দায়িত্ব পালন কৰাত বাধা দিয়া বা আৱদ্ধ কৰা, ইচ্ছাকৃতভাৱে বস্তুগত প্ৰমাণ ধ্বংস কৰা আৰু কোনো তথ্য প্ৰদান কৰিবলৈ সক্ষম নোহোৱা বিষয়টো।

ৰাজহ সচিবগৰাকীয়ে লগতে কয় যে কৰ সম্পৰ্কীয় বিষয়ত জিএছটি আইনৰ অধীনত নথিভুক্ত কৰা অপৰাধৰ বাবে থকা নিম্নতম ধনৰ পৰিমাণ দুগুণ কৰা হৈছে। অৰ্থাৎ, আগতে ১ কোটি টকাৰ ঠাইত ধনৰ পৰিমাণ এতিয়া ২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে ভুৱা চালানৰ দৰে অপৰাধৰ ক্ষেত্ৰত এই বিষয়টো প্ৰযোজ্য নহ’ব।

শনিবাৰৰ সভাত কেইবাটাও সিদ্ধান্ত লোৱা হয়। তুহ বা ভূষি আৰু চুৰিৰ ওপৰত জিএছটি আঁতৰোৱা হৈছে। সেয়া আগতে পাঁচ শতাংশ আছিল। আনহাতে, ইথাইল এলকহলৰ ওপৰত জিএছটি আৰোপ কৰা নহ’ব। যিটো ইথানল মিশ্ৰণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। যিটো আগতে ১৮ শতাংশ আছিল।

Leave A Reply