Breaking

বিশ্বমানৰ মাল্টি-মডেল পৰিবহন কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে নিউ জলপাইগুড়ী ষ্টেচনৰ আধুনিকীকৰণ কাৰ্য পূৰ্ণগতিত আগবাঢ়িছে

0 65

ৰে’ল ষ্টেচনৰ উন্নয়নৰ বাবে ৰে’ল মন্ত্ৰালয়ে বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত ভাৰতীয় ৰে’লৱে ষ্টেচনসমূহৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। চিনাক্তকৃত ২০৪ টা ষ্টেচনৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ নিউ জলপাইগুড়ী ষ্টেচনটো উন্নততৰ, অতিৰিক্ত আৰু বৰ্ধিত যাত্ৰী সুবিধা প্ৰদান কৰাৰ বাবে বিশ্বমানৰ সুবিধাৰ সৈতে উন্নীতকৰণ কৰাৰ বাবে চিনাক্ত কৰা হৈছে।

এই ষ্টেচনটোৰ আধুনিকীকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। পৰিকল্পনা অনুসৰি চিভিল নিৰ্মাণ কাৰ্যৰ বাবে পুৰণি ভৱনসমূহ ভাঙি ষ্টেচনটোৰ সন্মুখভাগৰ ৰিটেইল এলেকা সহ কাৰ্যালয়সমূহ নতুন স্থানলৈ স্থানান্তৰ কৰি উক্ত এলেকাটো সাজু কৰিবলৈ আৰম্ভ কৰা হৈছে।

এৰাইভেল ১ টাৰ্মিনেল আৰু বিকল্প ষ্টেচন ভৱনৰ ভেটিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এৰাইভেল ২ আৰু প্ৰস্থান টাৰ্মিনেলৰ কাম সোনকালেই আৰম্ভ কৰা হ’ব। ৰেলৱে বৈদ্যুতিকৰণৰ বিশ্ৰাম গৃহৰ সমীপত ৰামনগৰ কলনি ৰোডৰ এটা নতুন স্থানলৈ ইউটিএছ তথা পিআৰএছ কাউণ্টাৰসমূহ স্থানান্তৰিত কৰা হৈছে। ক্ষেত্ৰ কাৰ্যালয় আৰু কনফাৰেন্স ৰুম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ওখকৈ নিৰ্মিত পথৰ বাবে টেষ্ট পাইলৰ কাষ্টিং ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। 

যাত্ৰীসকলক একে সময়তে বিমানবন্দৰৰ দৰে অনুভৱ আৰু আৰাম প্ৰদান কৰাৰ বাবে ষ্টেচনটোত অত্যাধুনিক সুবিধা যেনে বিস্তৃতভাৱে আবৃত পাৰ্কিং এলেকা, ২৪x৭ পাৱাৰ বেকআপ, খোৱা পানী, শীত তাপ নিয়ন্ত্ৰিত লবি, কাৰ্যালয়, দোকান, উচ্চ গতিৰ এস্কালেটৰ, লিফ্ট, এয়াৰ কনকৰ্চ, হোটেল আদি থাকিব।

আগমন আৰু প্ৰস্থান কৰা যাত্ৰীসকলৰ মাজত সম্পূৰ্ণ পৃথকীকৰণ থাকিব। উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত, ষ্টেচনটোৱে বৰ্তমান প্ৰতিদিনে ছয়ত্ৰিশ হাজাৰৰ পৰা প্ৰতিদিনে সত্তৰ হাজাৰতকৈ অধিক যাত্ৰীৰ সমাগম চম্ভালিবলৈ সাজু হ’ব। নিউ জলপাইগুড়ী ষ্টেচনটোৰ উন্নীতকৰণৰ কাৰ্যৰ আনুমানিক ব্যয় হ’ব ৩৩৪.৭২ কোটি টকা।

নিউ জলপাইগুড়ী ষ্টেচনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম বৃহৎ তথা ব্যস্ততম ৰেল ষ্টেচন, যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে সেৱা আগবঢ়াই আহিছে।

নিউ জলপাইগুড়ী ষ্টেচনৰ উন্নীতকৰণ উত্তৰ বংগৰ লগতে ছিকিমত ভ্ৰমণ, পৰ্যটন আদিকে ধৰি স্থানীয় অৰ্থনীতিৰ বিভিন্ন খণ্ডক উন্নত কৰাত অধিক সহায় কৰিব। এই উন্নীতকৰণ প্ৰকল্পটো ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে।

Leave A Reply