Breaking

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে : প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে ।

0 692

দৈনন্দিন বাৰ্তা :

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে৷ আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ আওতাত প্ৰায় ২১ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কেন্দ্ৰক বৃহৎ প্ৰশ্ন উত্থাপন কৰিলে প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ সদস্যা অসীমা গোৱেলে৷ চেম্বাৰ অব কমাৰ্চৰ এক ভাৰ্চুৱেল সভাত ভাষণ আগবঢ়াই তেওঁ কয়,  আৰ্থিক ব্যৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ মানুহৰ চাহিদা বঢ়োৱাৰ দিশত বেছি জোৰ দিয়া উচিত আছিল চৰকাৰৰ৷ বহু ফাঁকফুকৰে গৈছে এই পেকেজ৷ অনতিপলমে পেকেজটোক লৈ পুনৰ বিবেচনা আৰম্ভ কৰক কেন্দ্ৰই৷ আৰ্থিক উদ্দীপক যিবোৰ ত্ৰাণৰ কথা কোৱা হৈছে তাত সকলো কেইটাই অৰ্থনৈতিক ক্ষেত্ৰৰ সৈতে যুক্ত৷ ইয়াত জনসাধাৰণৰ চাহিদা নাবাঢ়ে৷ যোগান আৰু চাহিদাৰ মাজত সামঞ্জস্য নাথাকিলে দেশৰ অৰ্থনীতি লাহে লাহেই থাকিব৷ অৰ্থনীতিত ক’ৰোনাৰ আঘাত বেছিদিন স্থায়ী নহয়৷ ক’ৰোনাৰ সংকটত সম্পদৰ ক্ষয়ক্ষতি হোৱা নাই৷ পৰিস্থিতি এবাৰ স্বাভাৱিক হ’লে আৰম্ভ কৰিলে দ্ৰুত অৰ্থ ব্যৱস্থাৰ দ্ৰুত উন্নতি সম্ভৱ৷ মোডী চৰকাৰৰ আৰ্থিক পেকেজত হয়তু কল কাৰখানা খুলিব৷ উৎপাদন হ’ব৷ পণ্যৰ যোজান বাঢ়িব৷ কিন্তু চাহিদা বাঢ়ি নাযায়৷ কাৰণ মানুহৰ হাতত কি কৰি টকা তুলি দিয়া হ’ব, তাৰ কথা কোৱা নাই পেকেজে৷ এনেদৰে কয় অৰ্থনীতিবিদ অসীমা গোৱেলে ৷

Leave A Reply