Breaking

ফুলশয্যাৰ নিশা দৰাঘৰৰ পৰা ৰহস্যজনক অৱস্থাত নিৰুদ্দেশ হল ন-ক‌ইনা

0 1,459

নগাঁও,৩০ নবেম্বৰ : নগাঁও জিলাৰ জাজৰি আৰক্ষী চকীৰ অন্তৰ্গত হাতীচোং অঞ্চলত কালি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে হাতীচোং অঞ্চলৰ এহাল যুৱক যুৱতীৰ এবছৰীয়া প্ৰেমৰ অন্তত হৈছিল বিয়া। কিন্তু তাৰ পিছত ফুলশয্যাৰ নিশাই ঘটিল অঘটন। কাৰণ ফুলশয্যাৰ নিশা ৰহস্যজনক ভাবে নিৰুদ্দেশ হয় ন -ক‌ইনা। নিশা প্ৰায় ১২বজাৰ পৰা সন্ধানহীন হ’য় ন–কইনা। ইয়াৰ পাছতেই হাহাকাৰ লাগিল বিয়াঘৰত। উপায় নাপাই আৰক্ষীৰ কাষ চাপিল দৰাঘৰীয়া। অৱশেষত পুৱতি নিশা আৰক্ষীয়ে কইনাক বিচাৰি পালে মুকলি পথাৰৰ দাতিত মুমূৰ্ষু অৱস্থাত। উল্লেখযোগ্য যে যোৱা ২৭ নৱেম্বৰত হাতীচোঙ কুজীঁডাহৰ যুৱক দীপজ্যোতি বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল একে গাঁৱৰে  এগৰাকী যুৱতী। জানিব পৰা মতে, দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। সেই অনুসৰিয়ে অতি ধুম-ধামৰে দুয়োৰে বিবাহ সম্পন্ন হৈছিল। পিছে ৰহস্যজনকভাৱে ফুলশয্যাৰ নিশা সকলো সামাজিক পৰম্পৰা সম্পূৰ্ণ হোৱাৰ পিছত  বিচাৰি নাপালে ন–কইনা গৰাকীক। ইয়াৰ পিছতে হাহাকাৰ লাগিল বিয়াঘৰত। উপায়-নাপাই দৰাঘৰৰ লোক কাষ চাপিল জাজৰি আৰক্ষীৰ। আৰক্ষীয়েও প্ৰথম অৱস্থাত বিচাৰ-খোচাৰ কৰি সন্ধান নাপালে ন–কইনাৰ। কিন্তু পুৱা জাজৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পথাৰৰ দাতিত  মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিলে ন–কইনাক। অৱশেষত আৰক্ষীয়ে  তেওঁক উদ্ধাৰ কৰি ভৰ্তি কৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। বৰ্তমানেও চিকিৎসাধীন অৱস্থাতে আছে ন-ক‌ইনা গৰাকী। কিন্তু কিয় এই ঘটনা সংঘটিত হ’ল সেই বিষয়ে এতিয়াও অন্ধকাৰত সমগ্ৰ বিষয়। কাৰণ এতিয়াও সংজ্ঞাহীন অৱস্থাতে আছে ন কইনা । এতিয়া সকলোৱে ক‌ইনা গৰাক  সুস্থ হোৱালৈ অপেক্ষা কৰিছে। তাৰ পিছতহে সমগ্ৰ বিষয় পোহৰলৈ আহিব । এই ঘটনাক লৈ নগাঁৱত ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

Leave A Reply