Breaking

ভাৰতীয় অৰ্থনীতিত চীনৰ প্ৰয়োজনীয়তা ।

0 1,549

✍ যুগল কিশোৰ

বৰ্তমান ভাৰতবৰ্ষত বহুলভাৱে চৰ্চিত   বিষয় হৈছে ভাৰতে সম্পূৰ্ণভাৱে চীনা সামগ্ৰী আৰু চীনা ‘এপ’  বৰ্জন কৰি চীনৰ অৰ্থনীতিত কুঠাৰঘাত কৰিব লাগে। এই সংক্ৰান্তত বিভিন্ন সংবাদ মাধ্যমত আলোচনা-সমালোচনাৰ লগতে বাতৰি কাকতসমূহতো বহু লেখা দেখা পোৱা গৈছে। বহুসংখ্যক ভাৰতীয়ই চীনৰ প্ৰতিটো সামগ্ৰী বৰ্জন কৰাৰ পোষকতা কৰিছে যদিওঁ ভাৰতৰ বাবে এইয়া জানো সম্ভৱ? বৰ্তমান ভাৰতত ব্যৱহৃত সামগ্ৰীৰ শতকৰা প্ৰায় ৯০ শতাংশতকৈওঁ অধিক সামগ্ৰী চীনত নিৰ্মিত। অৰ্থাৎ ভাৰতে বৰ্তমান চীনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা সময়ত চীনৰ সামগ্ৰী ভাৰতত বৰ্জন কৰিব লাগে বুলি কোৱাটো একেবাৰে হাস্যকৰ কথা। আমি জনা উচিৎ, চীনৰ পৰা সা-সৰঞ্জাম ক্ৰয় নকৰিলে ভাৰতৰ বৃহৎ বৃহৎ উদ্যোগবোৰ অচল হৈ পৰিব। চীনৰ পৰা কি নাহে ভাৰতলৈ? সকলো আহে। তৈলক্ষেত্ৰৰ মেৰামতিৰ সৰমঞ্জাম, উন্নত সেৱা আগবঢ়োৱা ৰেলৰ ডবা, সৌৰ উদ্যোগৰ কেচামাল, বৈদ্যুতিক সামগ্ৰী তথা কেচামাল, ইলেক্টনিকচ্’ৰ সকলো সামগ্ৰী তথা কেচামাল, তীখা উদ্যোগৰ প্ৰযুক্তি, পাৱাৰ প্লেন্টৰ সকলো সামগ্ৰী লগতে ফাৰ্মা কোম্পানীৰ চাৰি তৃতীয়াংশ কেচা সামগ্ৰী চীনৰ পৰাই ভাৰতলৈ আহে। এই সকলোবোৰ সামগ্ৰী চীনে ভাৰতক সুলভ মূল্যত যোগান ধৰি আহিছে। চীনৰ পৰা অহা ফাৰ্মা কেচামাল সমূহক বিভিন্ন ঔষধ বনাই ভাৰতে বছৰি প্ৰায় ১,৫০,০০০ কৌটি টকা বৈদেশিক মুদ্ৰা আহৰণ কৰে। তদুপৰি চীনৰ প্ৰযুক্তিৰে ভাৰতত নিৰ্মাণ কৰা তীখা, ম’বাইল, ঔষধ আদি ৰপ্তানি কৰি ভাৰতে বহু কৌটি টকা উপাৰ্জন কৰি আহিছে। চীনত নিৰ্মিত বা চীনৰ প্ৰযুক্তিৰে নিৰ্মিত সকলো সামগ্ৰী বিশ্বৰ ভিতৰত সুলভ মূল্যত ক্ৰয় কৰিব পাৰি। কেৱল চীনৰ পৰাহে ভাৰতে সামগ্ৰী ক্ৰয় কৰে এনে নহয়। চীনেও ভাৰতৰ পৰা কপাঁহকে আদি কৰি প্ৰায় ১৮ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে। দেখা যায় দুয়োখন দেশেই পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে বছৰি সৰ্বমুঠ প্ৰায় ৬৮ বিলিয়ন ডলাৰৰ সামগ্ৰী চীনৰ পৰা ক্ৰয় কৰে। চীনৰ বৰ্তমান জমা বৈদেশিক মুদ্ৰাৰাশি প্ৰায় ৩ ত্ৰিলিয়ন ডলাৰ (৩০০০ বিলিয়ন) ডলাৰ। এই বৃহৎ সংখ্যক ধনৰাশি ভাৰতে ক্ষতি কৰিবলে হ’লে প্ৰায় ৬০ বছৰ চীনৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰিব নালাগিব। এয়া ভাৰতহে নালাগে সমগ্ৰ বিশ্বৰ বাবে অসম্ভৱ কথা। কাৰণ বিশ্ব বাণিজ্য সংস্থাৰ লগত জড়িত কোনো দেশেই চৰকাৰীভাৱে কোনো দেশৰ সামগ্ৰীৰ ওপৰত একেবাৰে নিষিদ্ধ ঘোষণা কৰিব নোৱাৰে। ইয়াৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ চুক্তিত দেশ সমূহৰ স্বাক্ষৰ কৰা আছে। উদাহৰণ স্বৰূপে জাপানৰ কথা উল্লেখ কৰিব পাৰি। চীন আৰু জাপান দুয়োখন দেশ অহিনকুল। তথাপিওঁ জাপানে চীনৰ পৰা প্ৰায় ১৩৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ পৰা অনুমান কৰিব পাৰি চীন দেশত নিৰ্মিত সামগ্ৰী নহ’লে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব। চীনৰ বাহিৰে অন্যদেশ সমূহে সৰ্বসাধাৰণক সুলভ মূল্যত সামগ্ৰী যোগান ধৰিব নোৱাৰে, কাৰণ চীনা সকলে পৰিবেশৰ প্ৰতি আওকাণ কৰি সৰু-বৰ সকলো প্ৰদূষণযুক্ত উদ্যোগ স্থাপন কৰি কেৱল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ সকলো সামগ্ৰী উৎপাদন কৰি আহিছে। আনহাতে অন্যদেশ সমুহে বৰ্তমান লাভৰ কথা চিন্তা নকৰি ভৱিষ্যত প্ৰজন্মলৈ  চিন্তা কৰি প্ৰদূষণ মুক্ত দেশ গঢ়াত ব্ৰতী হৈছে। জাপান, আমেৰিকা, ৰাছিয়া আদি দেশবোৰে নিজ দেশক শব্দ প্ৰদুষণ, বায়ু প্ৰদুষণ, জল প্ৰদুষণ আদিৰ পৰা আংশিক সুৰক্ষা দিবলৈ বহুতো উদ্যোগ নিজ দেশত স্থাপন কৰিব নিবিচাৰে। তাৰোপৰি সুলভ মূল্যত ক্ৰয় কৰিব পৰা সামগ্ৰী সমুহ নিজে তৈয়াৰ কৰি সময়ৰ অপচয় কৰিব নিবিচাৰে। সেয়ে বিশ্বৰ প্ৰায় সকলো দেশে চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰি চীনক এটা উদ্যোগলৈ ৰূপান্তৰ কৰিছে। যাৰ বাবে চীন অৰ্থনৈতিক ভাৱে আগুৱাই গৈছে যদিওঁ প্ৰাকৃতিকভাৱে প্ৰতিদিন ধংশৰ মুখলৈ আগবাঢ়িছে। অৱশ্যে এটা কথা ঠিক যে পৃথিৱীৰ সকলো দেশেই ইখন দেশৰ লগত সিখন দেশৰ বিনিময় নাথাকিলে কোনো দেশেই উন্নতি কৰিব নোৱাৰে। আমি যদি আমেৰিকাৰ ছচিয়েল এ’প ব্যৱহাৰ কৰি চীনা এ’প বৰ্জন কৰাৰ চিন্তা কৰো তেনেহ’লে ভাৰতৰ বাবে অহংকাৰ কৰাৰ অৰ্থ নাথাকিব। ভাৰতে যদি নিজৰ এ’প ব্যৱহাৰ কৰে তেনেহ’লেহে গৌৰৱ কৰাৰ অধিকাৰ থাকিব। ফেচবুক, টুইটাৰ বা অনান্য  মাধ্যমত চীনা সামগ্ৰী, চীনা এ’প বৰ্জনৰ যিবোৰ চৰ্চা চলিছে, ইয়াৰ সলনি চৰকাৰ তথা দেশৰ জনগণে  শিক্ষিত হাৰ কেনেকৈ বঢ়াব পাৰি তাৰ পৰিকল্পনা কৰক, শিক্ষাহীন লোকৰ দ্বাৰা দেশৰ আৰ্থিক দিশ কেতিয়াওঁ টনকিয়াল নহয়। চীনক বৰ্জন কৰাৰ আগতে চীনদেশৰ মানুহৰ প্ৰকৃত দেশপ্ৰেম, শ্ৰম আৰু অধ্যৱসায়ী গুণৰ অনুকৰণ কৰিবলৈ শিকক। এইবোৰ গুণ আয়ত্ব কৰিলে নিশ্চয় আমি চীনক বৰ্জন কৰিব পাৰিম। তেতিয়াহে বিশ্বৰ আগত সগৌৰৱে উচ্চস্বৰে ক’ব পাৰিম,  ভাৰত মাতা কি জয়।

Leave A Reply