Breaking

ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা উন্নয়ণৰ বাবে শান্তি-সম্প্ৰীতিৰ প্ৰয়োজন : “অসমত অন্যায়ৰ বিৰুদ্ধে, অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছে”-সাংসদ গৌৰব গগৈ

0 40

নগাঁও, ১৮ নবেম্বৰ : ” বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই চিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰত বিজেপিৰ বহু নেতা জড়িত ৷ সেয়ে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷” এই মন্তব্য কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈৰ ৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত বুধবাৰে দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত বিশাল কৰ্মীসভাত অংশগ্ৰহন কৰি সাংসদগৰাকীয়ে লগতে কয় যে–বৰ্তমান অসমত অন্যায়ৰ বিৰুদ্ধে, অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছে ৷ কিন্তু এনে অন্যায়-দুৰ্নীতি নিৰ্বিঘ্নে চলি থকাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতহে ব্যস্ত হৈ আছে ৷ ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ নকৰাকৈ সাংসদ গৌৰব গগৈয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে–এই গৰাকী মন্ত্ৰীয়ে আছু, কংগ্ৰেছৰ দৰে সৰ্বানন্দ সোনোৱালকো বিশ্বাসঘাতকতা কৰিব ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত সাংসদ গৰাকীয়ে এতিয়া নতুন চিন্তাৰ ৰাজনীতিৰ দৰকাৰ বুলি উল্লেখ কৰি কয় যে– শান্তি আৰু সম্প্ৰীতি থাকিলেহে উন্নয়ণ সম্ভৱ ৷ এই উন্নয়ণৰ বাবে প্ৰয়োজনীয় শান্তি আৰু সম্প্ৰীতি আনি দিব পৰা দল হৈছে কংগ্ৰেছ ৷ দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ বিভিন্ন মণ্ডলৰ পৰা অহা সহস্ৰাধিক মহিলা কৰ্মীৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মন্ত্ৰীদ্বয় গৌতম বৰা আৰু ৰকিবুল হুছেইনেও ভাষণ প্ৰদান কৰে ৷ নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভাপতি ৰূপালী শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ৰেহেনা নেৱাজ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰা, দলংঘাট ব্ল’ক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, বটদ্ৰৱা ব্ল’ক কংগ্ৰেছৰ সভাপতি নুৰুল আমিন, শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ  উপস্থিত থাকে ৷ 

Leave A Reply