Breaking

আটাকাটা কাণ্ডৰ নতুন মুৰ : নিশা দুৰ্বৃত্তই জ্বলাই দিলে ঘৰবাৰী, থানাত এজাহাৰ

0 129

খাৰুপেটীয়া

 মহামাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ ফলত  হাহাকাৰৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে। স্তদ্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। পিছ পৰি যোৱা নাই অসমো। মহামাৰী ক’ৰোণা ভাইৰাছৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাকেই লৈ চিন্তিত হৈ পৰিছে সকলোৱে। কিন্তু সেইফালে কোনো গুৰুত্ব নিদি এচাম দুষ্ট চক্ৰই সমাজখনক কুলখীত কৰাৰ বাবে এটাৰ পিছত এটাকৈ মানৱ ৰূপী দানৱৰ ঘটনা সংঘটিত কৰি আহিছে৷ দৰঙৰ ধুলাত এটাৰ পাছত এটাকৈ সংঘটিত হৈ আহিছে চাঞ্চল্যকৰ ঘটনা। আতঙ্কিত হৈ পৰিছে গাঁওবাসী। মঙলবাৰে নিশা কেইবাজনীয় দল এটাই  জুই লগাই ছাৰখাৰ কৰি দিলে এটি পৰিয়ালৰ ঘৰ। অভিযোগ অনুসৰি জিলাখনৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আটাকাটা গাওঁত নিশা প্ৰায় ১১:৩০ বজাত আলেছা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত দুৰ্বৃত্তৰ দল এটাই অগ্নি সংযোগ কৰে৷ নিমিষতে চাৰখাৰ হয় ঘৰখনৰ সম্পূৰ্ণ আচবাবৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ। উক্ত ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ধূলা আৰক্ষী  থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা মতে এসপ্তাহ  আগতে ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি আটাকাটা গাঁৱৰ  দুই ফৈদৰ মাজত দিন দুপুৰতে সংঘটিত হৈছিল ভয়ংকৰ সংঘাত। যাৰ ফলত আবু শ্বাহা পৰিয়ালৰ গুৰুতৰভাৱে আহত হোৱা কেইবাজনো ব্যক্তি এতিয়াও চিকিৎসাধীন হৈ আছে মঙলদৈ অসামৰিক চিকিৎসালয়ত। সেই অভিযোগৰ ভিত্তিত ধুলা আৰক্ষীয়ে সাতজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে এসপ্তাহ আগতে৷ ঘৰুৱা কাজিয়াৰ পৰিণতিত এটা পৰিয়ালৰ পুৰুষসকল থাকিল মঙলদৈ চিকিৎসালয়ত,আনহাতে সেই কাজিয়াত অভিযুক্ত হৈ আন এটা পৰিয়ালৰ পুৰুষ সকল গ’ল জেল হাজোতলৈ। তথাপিও সমাপ্ত নহ’ল দুই পৰিয়ালৰ মাজত সৃষ্টি হোৱা কাজিয়া? সেই কাজিয়াই চৰম সীমা অতিক্ৰম কৰিলে মঙলবাৰে নিশা। ২নং আটাকাটা গাওঁৰ হাবেজ আলীসহ সাতজনকৈ ব্যক্তি কাৰাগাৰৰ ভিতৰত আবদ্ধ হৈ থকাত মহিলাসকলে ভয়ত আতঙ্কিত হৈ ঘৰৰ পৰা আঁতৰি থকাৰ সুযোগত দুৰ্বৃত্তৰ দল এটাই আলেছা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত অগ্নি সংযোগ কৰে। নিশা সকলোৱে টুপনিত লালকাল হৈ থকাৰ বাবে পুৰি ছাৰখাৰ হয় ঘৰখন। ঘৰত থকা বিভিন্ন সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ। দুৰ্বৃত্তৰ দলটোৱে কেৱল  ঘৰ জ্বলাই দি শান্ত নাথাকি আলেছা বেগমৰ ভন্টীক প্ৰাণে মাৰিবলৈও ঘৰৰ বেৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ ধৰে। মহিলাগৰাকীৰ চিঞৰ বাখৰত ৰাইজ ওলাই অহাত পলাই পত্ৰং দিয়ে দুৰ্বৃত্তৰ দলটোৱে। ঘৰ জ্বলাই দিয়াৰ অভিযোগত ২নং আটাকাটা গাঁৱৰ তোৰাপ আলী, ৰূপচান আলী, হাবিবুৰ ৰহমান, হাবিবুল্লাহ, আশ্ৰাফুল হক, ইন্তাজ আলী, আজগৰ আলী, মজিবুৰ ৰহমান আদি ব্যক্তিসকলৰ বিৰূদ্ধে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে। উক্ত ঘটনা সংক্ৰান্তত ধুলা আৰক্ষীয়ে  অব্যাহত ৰাখিছে তদন্ত৷

Leave A Reply