Breaking

দেশত নিতৌ বৃদ্ধি পাই আছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ যোৱা ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ ১৩.৯৮ শতাংশ

0 1,055

দৈনন্দিন বাৰ্তা ডেস্ক :

দেশত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ শুকুৰবাৰে দিনটোত ৪৯ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয় বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে যোৱা ২৪ ঘণ্টাত ৪৯৩১০ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ এদিনৰ নিৰিখত এই সংখ্যাটো হ’ল সৰ্বাধিক৷ এই বৃদ্ধিকে লৈ দিশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ১২ লাখ ৮৭ হাজাৰ ৯৪৫ জন৷ উল্লেখ্য যে প্ৰতিদিনে বহু সংখ্যক লোকৰ নমুনা পৰীক্ষা কৰা হৈছে৷ তাৰ মাজতে বহু লোকৰ পজিটিভ পোৱা গৈছে৷ অৰ্থাৎ সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ হ’ল ১৩.৯৮ শতাংশ। আক্ৰান্তৰ লগতে ধাৰাবাহিকভাৱে মৃত্যুৰ সংখ্যা বাঢ়ি আছে৷ ইতিমধ্যে মৃত্যুৰ সংখ্যা ৩০ হাজাৰ অতিক্ৰম কৰিছে৷ ফলত মৃত্যুৰ হিচাপত স্পেইনৰ পাছত ফ্ৰান্সক চুই গ’ল ভাৰতে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনত মৃত্যু হয় ৭৪০ জন লোক ৷ ইয়াকে লৈ দেশত ৩০৬০১ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১২৮৫৪ জন লোকৰ মৃত্যু হৈছে৷ তালিকাৰ দ্বিতীয় স্থানত থকা দিল্লীত মৃত্যু হৈছে ৩৭৪৫ জন লোক৷ তৃতীয় স্থানত আছিল তামিলনাডু৷ ইয়াত ৩২৩২ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে গুজৰাটত ২২৫৩ লোকৰ মৃত্যু হৈছে ৷ 

Leave A Reply