Breaking

দেশত বৃদ্ধি পাই আছে কৰ’না আক্ৰান্তৰ সংখ্যা : ২৩ ছেপ্টেম্বৰত ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ

0 1,295

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত বৃদ্ধি পাই আছে কৰ’না আক্ৰান্তৰ সংখ্যা ৷ এনে অৱস্থাত ৰাজ্যবোৰৰ পৰিস্থিতি লৈ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰাপ্ত খবৰ মতে অহা ২৩ ছেপ্টেম্বৰত এই বৈঠক হোৱা সম্ভাৱনা আছে ৷ অৱশ্যে চৰকাৰীভাৱে এই বিষয়ে একো জনোৱা হোৱা নাই ৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ মতে দেশজুৰি কৰ’না সংক্ৰমণৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে ৷ এই দিশত প্ৰতি মুহূৰ্তত খবৰ ৰাখি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াকে লৈ সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে আলোচনাও কৰিছে ৷ যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰ’নাৰ প্ৰকোপ বাঢ়িছে তাত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে ৷ বৰ্তমানে দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী আৰু উত্তৰ প্ৰদেশসহ কেইবাখনো ৰাজ্যৰ পৰিস্থিতি আশংকাজনক ৷ সেয়ে অহা ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত কৰ’না পৰিস্থিতিক লৈ পৰ্যালোচনা কৰিব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ আগেয়ে যোৱা ১১ আগষ্টত অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাডু, পশ্চিম বংগ, পাঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ লগত ভাৰ্চুৱেল বৈঠক কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে এই মহামাৰীৰ লগত মোকাবিলা কৰাৰ বিষয়ে কথা কৈছিল ৷ তাৰ পাচত কেতবোৰ ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ এই অৱস্থাক লৈ অহা সপ্তাহত পুনৰ সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব নৰেন্দ্ৰ মোডী ৷ উল্লেখ্য যে দেওবাৰে পুৱা পৰ্যন্ত যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ৯২ হাজাৰ ৬০৫ জন লোক ৷ মৃত্যু হৈছে ১১৩৩ জন লোক ৷ ইয়াৰ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৪ লাখ ৬২০ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ মাজতে এই পৰ্যন্ত ১০ লাখ ১০ হাজাৰ ৮২৪ জন লোক চিকিৎসাধীন হৈ আছে ৷ সুস্থ হৈছে ৪৩ লাখ ৩ হাজাৰ ৪৪ জন আৰু মৃত্যু হৈছে ৮৬ হাজাৰ ৭৫২ জন ৷

Leave A Reply