Breaking

‘এনিমেল’ৰ পৰা অনুৰাগীৰ সংখ্যা যিধৰণে বাঢ়িছে, সেয়া বিৰলঃ তৃপ্তি ডিমৰি

0 33

‘এনিমেল’ হিট হোৱাৰ পিছৰে পৰা নিশাৰ ভিতৰতে তৃপ্তি ডিমৰি লাইমলাইটলৈ আহিছে। যদিও তেওঁ পৰ্দাত বেছি সময় নাপালে, তথাপিও তেওঁ বিশেষ চৰিত্ৰত ছাপ এৰি থৈ গ’ল। ইয়াৰ পূৰ্বে তৃপ্তিয়ে ‘লয়লা মাজনু’, ‘বুলবুল’, ‘কালা’ আদি ছবিত কাম কৰিছিল। দৰ্শকৰ চিনাকি মুখ।

তৃপ্তিয়ে ‘এনিমেল’ ছবিত অভিনয় কৰি সফল হ’ল। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে অনুৰাগীৰ সংখ্যা। ইতিমধ্যে তেওঁ এনিমেলৰ পিছত ৰাষ্ট্ৰীয় ক্ৰাছৰ খিতাপ লাভ কৰিছে। ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সংখ্যা ৬ লাখৰ পৰা প্ৰায় ৩৯ লাখলৈ বৃদ্ধি পাইছে। এনে ঘটনা যথেষ্ট বিৰল। কম সময়ৰ ভিতৰতে ইমান জনপ্ৰিয়তাক লৈ কেনে অনুভৱ কৰে ক’লে তৃপ্তিয়ে।

শেহতীয়া এক সাক্ষাৎকাৰত অনুৰাগীৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভত তৃপ্তিয়ে কয় যে, মোৰ গোটেই পৰিয়ালে প্ৰতিদিনে মোৰ একাউণ্টটো চাই আছে। মোক প্ৰতিদিনে সুধিছে, কিমান ফ’ল’ৱাৰ? মোৰ বৰ ভাল লাগিছে। মানুহে মোক ভাল পায়। আশাকৰোঁ, এইদৰে মই আৰু মৰম পাম।”

অভিনেত্ৰীগৰাকীৰ ভাষাত “দৰ্শকৰ পৰা বহুত মৰম পাইছো আৰু এতিয়াও পাইছো।” মোৰ ফোনটো আজিকালি গোটেই দিনটো বাজি আছে। মানুহৰ পৰা ইমানবোৰ শুভেচ্ছা পাইছোঁ যে সকলোকে ৰিপ্লাই দিবলৈ ৰাতি টোপনি হেৰাই গৈছে!

Leave A Reply