Breaking

অবশেষত মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি কাকতিক নিলম্বন

0 61

IGP জিৎমল দলেৰ নিৰ্দেশত মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক নিলম্বন। নামনি মাজুলী বালিচাপৰি থানাত সংঘটিত হোৱা ধন দাবী কাণ্ডৰে জড়িত থকাৰ অভিযোগত দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু হৈছিল গোচৰ। চোৰৰ সন্দেহত গণৰোষৰ বলি হোৱা দিব্যজ্যোতি নাথ নামৰ যুৱকজনক মুকলি কৰি দিয়াৰ বাবে দ্বীপজ্যোতি কাকতিয়ে লৈছিল নগদ ২,৫০০ টকা ধন।

বুধবাৰে দিব্যজ্যোতি নাথৰ মেৰুৱাবাৰীৰ বাসগৃহত উপস্থিত হয় IGP জিৎমল দলে আৰু নাথৰ ভাষ্য গ্ৰহণ কৰে। ইয়াৰোপৰি IGP দলে দিব্যজ্যোতি নাথৰ পৰিয়াল তথা বালিচাপৰি থানাৰ আৰক্ষীসকলৰো ভাষ্য গ্রহণ কৰে।

উল্লেখ্য যে, দ্বীপজ্যোতিৰ বিৰুদ্ধে গড়মূৰ থানাত লিখিত অভিযোগ দাখিল কৰিছিল মেৰুৱাবাৰীৰ আনন্দ নাথে। আনন্দ নাথৰ এজাহাৰৰ ভিত্তিতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল দ্বীপজ্যোতি কাকতিক।

১০ জুনৰ নিশা দিব্যজ্যোতি নাথে শহুৰেকৰ ঘৰলৈ যাওঁতে চোৰৰ অভিযোগত গণৰোষৰ বলি হৈছিল। ইয়াৰ পাছতে তেওঁক আৰক্ষী দ্বীপজ্যোতি কাকতিয়ে উদ্ধাৰ কৰি থানালৈ লৈ আনিছিল।

থানাত বাঘগাঁও গাঁওৰক্ষী বাহিনী,গাওঁপ্ৰধান আৰু দিব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ উপস্থিতিত এখন চুক্তিত স্বাক্ষৰ কৰি মুকলি কৰি দিয়াৰ নামত লৈছিল উক্ত ধনৰাশি।

ধন দাবীৰ অভিযোগত আৰক্ষী দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছতেই বুধবাৰে বিয়লি IGP জিৎমল দলেৰ নিৰ্দেশত নিলম্বন কৰে।

Leave A Reply