Breaking

গাঁৱত পানী যোগানৰ উদ্দেশ্যে ৩০ বছৰত ৩ কিলোমিটাৰ দীঘল খাল খান্দিলে বৃদ্ধই

0 1,283

দৈনন্দিন বাৰ্তা ডেস্ক : জলসিঞ্চনৰ বাবে পানী যোগান ধৰিবলৈ তিনি কিলোমিটাৰ দীঘল খাল নিজ হাতেৰে খান্দিলে এজন বৃদ্ধই ৷ যাতে পাহাৰত হোৱা বৰষুণৰ জলধাৰা এই খালেৰে বৈ যায় তেওঁৰ গাঁৱৰ পুখুৰীলৈ ৷ তেনেদৰেই শস্য পথাৰত পানীৰ ব্যৱস্থা কৰা সম্ভৱ হ’ব ৷ এই কামটো কৰিছে গয়াৰ লাঠুৱা অঞ্চলৰ কোঠিলবা গাঁৱত ৷ লৌংগি ভূঞা নামৰ এই বৃদ্ধই গৰু চৰিবলৈ গৈ বহি নাথাকি নিজকে খাল খন্দাৰ কামত জড়িত কৰে ৷ তেওঁ কয়, ‘এই খালটো খান্দিবলৈ মোক ৩০ বছৰ লাগিছে ৷ ইয়াৰ যোগেদি আমাৰ গাঁৱলৈ পানী যাব ৷ যোৱা ৩০ বছৰ ধৰি মই হাবিত গৰু চৰাবলৈ গৈ এই খালটো খান্দিছো ৷ এই কামত মোক কোনেও সহায় কৰা নাই ৷ গাঁওবাসীয়ে চহৰত যিপাৰে কামৰ বাবে যায় ৷ কিন্তু মই ইয়াতে থকাৰ স্থিৰ কৰো ৷’ গয়া জিলাৰ সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত কোঠিলবা গাঁওখন পাহাৰ আৰু হাবিয়ে আবৰা ৷ ফলত মাওবাদীৰ অন্যতম নিৰাপদ ঘাটি বুলি পৰিচিত ৷ গাঁওবাসীয়ে মূলত খেতি আৰু গো পালন কৰি জীবিকা নিৰ্বাহ কৰে ৷ অৱশ্যে কিছু ব্যক্তিয়ে নগৰত বাস কৰিছে ৷ গাঁৱত সাধাৰণতে পানী থাকে৷ কিন্তু বাৰিষাৰ সময়ত পাহাৰৰ পৰা অতিৰিক্ত পানী নদীত পৰে ৷ সিয়ে লৌংগিৰ মনলৈ ভাব আহে এই পানীৰ সদ্ব্যৱহাৰ কৰাৰ ৷ কাৰো সহায় নোলোৱাকৈ তেওঁ নিজ হাতেৰে এটা খাল খান্দি গাঁৱৰ কল্যাণ কৰাৰ বাবে প্ৰশংসাৰে উপচাই দিছে স্থানীয় শিক্ষক ৰামবিলাস সিঙে ৷ শিক্ষকজনে কয়, নিজৰ কামৰ বাবেই এইবাৰ পৰিচিত হ’ল লৌংগি ৷ এই কামত লৌংগিক কোনেও সহায়ৰ হাত আগবঢ়োৱা নাই বুলি স্থানীয় গাঁওৱাসী পট্টি মাঞ্জিয়ে কয় যে নিজৰ সুবিধাৰ কথা নাভাবি গাঁৱৰ কথা ভাবিলে লৌংগিয়ে ৷

Leave A Reply