Breaking

এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ ধেমাজি বৰুৱাবাসী

0 1,243

ধেমাজি : বানৰ পিছত বিভিন্ন সমস্যাৰে জৰ্জৰিত বৃহত্তৰ বৰুৱাবাসী ৷ সম্প্ৰতি এটুপি ৱিশুদ্ধ পানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে ৷ খাল খান্দি পানীৰ নামত বৰবিহ সেৱণ কৰি তৃষ্ণা নিবাৰণ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ উল্লেখ্য যে ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তগৰ্ত লক্ষীপথাৰ পঞ্চায়তৰ অধীনৰ ১ নং বৰুৱা, ২ নং বৰুৱা, বৰুৱা লালুং গাৱৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় এশটা পৰিয়াল বান পাহাৰীয়া নৈ ৰাই নদীৰ কবলত পৰি সৰ্বস্বান্ত হৈছে ৷ বিশেষকৈ দুই নং বৰুৱাবাসীয়ে বানৰ পিছত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বানপানী বালিৰ মাজৰ পৰাই খাল খান্দি পানী সংগ্ৰহ কৰি তৃষ্ণা নিবাৰণ কৰিছে ৷ কোনোৱে ফিল্টাৰ কৰিব পাৰিছে আন কোনোৱে দূষিত পানীকে বৰ বিহ সদৃশ সেৱন কৰাৰ ফলত বিভিন্ন বেমাৰৰ আশংকা কৰিছে ৷ ইপিনে শৌচালয়সমূহ বালি আৰু বোকাৰে পুতি পেলোৱা ফলত অনাময় ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

Leave A Reply