Breaking

শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগ ভূগিছে জনতাই : টীয়কৰ কাকজানত পুৱাৰে পৰা বেংকৰ দুৱাৰে দুৱাৰে নিজ সন্তানকলৈ অভিভাৱক

0 1,356

কাকজান : শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে প্ৰাথমিকৰ পৰা স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীকে একাউণ্ট খোলাটো বাধ্যতামূলক। এই নিৰ্দেশনাৰ পাছতে হাঁহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৰাইজৰ মাজত। যিহেতু শিক্ষা বিভাগে উল্লেখ কৰা নাই কোনো সময়সীমা সেয়ে বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। টীয়কৰ বেংকসমূহতো কভিড-১৯ ৰ বাবে মুকলি কৰা নাই ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ ব্যৱস্থা। উল্লেখ যে ইউবিআই টীয়কৰ কাকজান শাখাত মুকলি কৰিছে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ এই সুবিধা। অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত বছৰৰ পাছত বছৰজুৰি একাউণ্ট খোলাৰ পৰা বিৰত আছে কৰ্তৃপক্ষ। এছবিআই নোখোলে এনে একাউণ্ট। অভিভাৱকৰ একাউণ্ট থাকিলেহে খুলিব পাৰিব ল’ৰা-ছোৱালীয়ে ইউবিআই বেংকত। কৰ’ণা মহামাৰীৰ সময়তো নাই কোনো সামাজিক দূৰত্ব নাই মুখত মাক্স। অভাৱনীয় ভিৰ কাকজানত। যদিহে প্ৰশাসনে দায়িত্ব নলয় ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা হোৱাটো নিশ্চিত। ইফালে শিক্ষা বিভাগে সময়সীমা নিৰ্ধাৰণৰ স্পষ্ট কৰাৰো আহ্বান জনাইছে সচেতন ৰাইজে।

Leave A Reply