Breaking

বকোত বি জে পি চৰকাৰৰ সৰ্বাঙ্গীন উন্নয়ণৰ ফোপোলা স্বৰূপ উদঙাইছে শালমাৰা বাসীয়ে।

0 2,014

ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাংসদ ; মন্ত্ৰী তথা বিধায়ক সকলে ঘোষণাৰ উপৰিও ঘোষণা কৰি থকা কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ যাতায়তী সমস্যাৰ শালমাৰা পাৰ ঘাট দলং আজিও নিৰ্মাণ নহ’ল। বছৰৰ পাছত বছৰ ধৰি অৱহেলিত হৈ থকা এই অঞ্চলৰ জনসাধাৰণৰ মনৰ বেদনা নুসুনিলে এই বি জে পি চৰকাৰে। উল্লেখ্য যে ; বকো ছমৰীয়া হৈ শালমাৰা পাৰ ঘাটেৰে পুৰাণ মালিবাৰীৰ মাজেদি নগৰবেৰালৈ যোৱা পথটোৰ জলজলি নদীৰ শালমাৰা ঘাটত এখন দলং আজিও নিৰ্মাণ নকৰিলে এই চৰকাৰে। কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু লোকসভ তথা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও এই চৰকাৰৰ সাংসদ ; মন্ত্ৰী ; বিধায়ক তথা বি জে পিৰ নেতা পালিনেতাই এই অঞ্চলত নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰি গঞা ৰাইজৰ ভোট ভিক্ষা কৰি ঘোষণা কৰিছিল দলং নিৰ্মাণ কৰি দিয়াৰ। নিৰ্বাচন শেষ ঘোষণাও শেষ। চৰকাৰ গঠন হ’ল ; শাসন চলিল আৰু ভোটৰ নিৰ্বাচন পুনৰ চৰকাৰ গঠন হ’ল তথাপিও দলং নিৰ্মাণৰ কথা নোলাল। প্ৰকাশ্য যে ; ঐতিহ্য মণ্ডিত ছমৰীয়া সত্ৰ আৰু মালিবাৰী সত্ৰ সংযোগী একমাত্ৰ পথৰ মাজত বৃহৎ জলজলি নদী। জলজলি নদীৰ শালমাৰা ঘাটত ৰাইজৰ বিননি শুনিবলৈহে নাই চৰকাৰৰ জনপ্ৰতিনিধি। এই ক্ষেত্ৰত শালমাৰা পাৰ ঘাটত যাতায়তী কৰা লোকসকলে চৰকাৰক আহ্বান জনাইছে অতিশীঘ্ৰে দলং নিৰ্মাণ কৰি দিবলৈ।

Leave A Reply