Breaking

দুমুনিচকী-দিপিলা পথত এজাক বৰষুতে দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলটোৰ ৰাইজে

0 2,083

দৰং জিলাৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়াৰ চুড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে ছিপাঝাৰ সমষ্টিৰ  অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুমুনিচকী-দিপিলা পথটি এজাক বৰষুণতে  জীয়াতু ভুগিছে পথটিৰে অহা-যোৱা কৰা ৰাইজে ।

অভিযোগ অনুসৰি উক্ত পথচোৱাৰ  দুমুনিচকীৰ পৰা দিপিলালৈ যোৱা পথটিত ঠায়ে ঠায়ে কেইবাটও অংশত পানী জমা হোৱা দেখা  গৈছে।  কেইবা মাহ ধৰি  যমৰ যাতনা ভুগিব লগীয়া হৈছে যান-বাহনৰ লগতে পথচাৰী সকলে ।  কেইবাটাও অংশত এজাক বৰষুণ দিলেই পানী জমা হৈ  পৰে এই পথটোত । উল্লেখযোগ্য যে , খাছ সোণাপুৰ , লাউজন , ছেঙেলিয়াজাৰ  আদি অঞ্চলৰ ৰাইজে জিলাৰ সদৰ মঙলদৈ তথা বাইহাটা চাৰিআলিলৈ এই পথেৰেই নিতৌ অহাযোৱা কৰে । 

প্ৰণিধানযোগ্য যে  পথটোৰে  গধুৰ যান-বাহন দৈনিক অহা-যোৱা কৰাৰ ফলত সততে পথটো জৰাজীৰ্ণ হৈ পৰে বুলি দাবী কৰিছে সচেতন মহলে । ইফালে উক্ত পথচোৱাৰ দুমুনিচকী অঞ্চলত নলাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছিল যদিও আজিলৈ লোকনিৰ্মাণ  বিভাগে গুৰত্ব প্ৰদান নকৰিলে । এই ক্ষেত্ৰত ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে লোক নিৰ্মাণ বিভাগৰ দৃষ্টি গোচৰ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে।

Leave A Reply