Breaking

ডবকাৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি কৰাৰ পৰিকল্পনা দুৰ্বৃত্তৰ ।

0 786

দৈনন্দিন বাৰ্তা:

ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিফু ৰোড শাল বাগানত যোৱা নিশা দুৰ্বৃত্তই প্ৰকাণ্ড শাল গছ ৰাস্তাৰ মাজত  বগৰাই দিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকা অঞ্চলত।  ৰাষ্ট্ৰীয় পথত  দুৰ্বৃত্তই প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি বা অন্য দুস্কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন কৰ্মীৰ লগতে স্থানীয় লোকে। নিশা এক মান বজাত প্ৰকাণ্ড গছ বগৰাৰ  শব্দ শুনি ঘটনাস্থলিত উপস্থিত হয় বন বিভাগৰ লোকসকলে, নিশাৰ ভাগতেই ব্যাপক যান-যটৰ সৃষ্টি হয় পথটোত। বন বিভাগৰ লোক ঘটনাস্থলিত উপস্থিত হোৱাৰ উমান পাই দুৰ্বৃত্তৰ দলটোৱে ঘটনা স্থৱিৰ পৰা পলায়ন কৰে। ডবকা বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে সংঘটিত হৈছে এই ঘটনা।পুৰ্বেও বহুবাৰ শাল বাগানত প্ৰকাণ্ড প্ৰকাণ্ড মূল্যবান শাল গছ আৰু চেগুন গছ বগৰাই ডকাইতি কৰাৰ লগতে ৰহস্যজনকভাৱে এটুকুৰা গছৰ খুণ্ডা লৈ নাযায়। একাংশ বন মাফিয়াই কেতিয়াবা বন বিষয়াক বদলিৰ বাবে মানুহ লগাই এনেবোৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰি বন বিষয়াৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ আছে অনেক। বিগত বহু বছৰৰ পৰাই কেবাজন বন বিষয়াৰ বদলি নহ’লে এনেবোৰ ঘৃণনীয় কাণ্ড সংঘটিত কৰি বিষয়াক বদনাম কৰাৰ লগতে বদলিকৰণ কৰিবলৈ উচ্চ পদস্থ বিষয়ালৈ অভিযোগ দিয়াৰো অভিযোগ আছে। আৰত বৃহৎ বন মাফিয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ডবকাৰ সচেতন ৰাইজে। ঘটনা সংক্ৰান্তত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো এজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply