Breaking

দৰ্পণৰ উদ্যোগত কলাক্ষেত্ৰত মঞ্চস্থ হ’ল নাটক ‘শূর্পণখা’…

0 22

এখন সুন্দৰ আৰু নতুন চিন্তাৰ নাটকৰ পৰিৱেশনে উপস্থিত দৰ্শকৰ মন মুহিলে আজি৷গুৱাহাটীৰ আগশাৰীৰ এক সাংস্কৃতিক প্ৰতিষ্ঠান। ‘দৰ্পণ’ৰ উদ্যোগত ১৭আৰু ১৮ফেব্ৰুৱাৰীত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি ৪ আৰু সন্ধিয়া ৬:৩০ বজাত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ‘শূর্পণখা’ শীৰ্ষক এখনি নাটক পৰিৱেশনৰ৷ নাটখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অসমৰ এগৰাকী ওডিচি আৰু সত্ৰীয়া নৃত্যৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী ড° অঞ্জনা ময়ী শইকীয়াই৷বিশিষ্ট পৰিচালক- নাট্যকাৰ মানিক ৰয়ৰ পৰিকল্পনা,পৰিচালনা আৰু চিত্ৰনাট্যৰে নাটখন সজোৱা হৈছে৷আজি প্ৰথম দিনাৰ দৰ্শনীত নাট উপভোগ কৰা দৰ্শকৰ সহাঁৰিৰে সাফল্যমণ্ডিত হ’ল দৰ্পণৰ এই অভিজাত নাট্যআয়োজন৷


শূর্পণখা নাটখনৰ পোহৰ পৰিচালনা কৌশিক বৰবৰাৰ৷ নাটখনৰ বিভিন্ন চৰিত্ৰত মুকুট নাথ,মানস প্ৰতীম নেওগ,মানস শৰ্মা,বিপ্লৱ শইকীয়া,ইন্দ্ৰজিৎ বৰা,দিপান্বিতা দাস,পংখী মহন্ত,অনিন্দিতা দাস ,পাহী
বিশ্বাস,সাগৰিকা পুষ্পানন্দা,হেমন্ত হিৰু,ডিম্পল সঞ্জীৱন কাশ্যপ আদিয়ে অভিনয় কৰিছ৷নিজ মাতৃয়ে সৰুতে ৰখা নামৰ ‘শূর্পণখা’ই কিদৰে সময়ৰ সোঁতত জনমানসত ‘শূর্পণখা’ হিচাপে পৰিচিত হ’ল সেয়াও নাটখনত উপস্থাপন কৰা হৈছে৷ ব্যতিক্ৰমী চিন্তা আৰু আগেয়ে সাধাৰণতে নকৰা চিন্তাৰ সমাবেশ ঘটা ‘শূর্পণখা’ নাটখন দেওবাৰেও দুবাৰকৈ মঞ্চস্থ কৰা হ’ব৷

Leave A Reply