Breaking

থলুৱা ব্যৱসায়ীৰ হাহাকাৰ অৱস্থা ! আৰ্দ্ধেক বিলাতী সুৰাৰ বিপনী অনা অসমীয়াৰ হাতলৈ…

0 10

নিষিদ্ধ সংগঠন আলফাৰ সদস্য একাংশই মূল সূঁতিলৈ উভতি অহাৰ পাছত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই প্ৰায় সকলোকে বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। সংখ্যাগৰিষ্ঠ এনে ব্যৱসায়ী আছিল অসমীয়া যুৱক। প্ৰথমাৱস্থাত তেওঁলোকৰ ব্যৱসায় সুন্দৰ ভাবেই চলিছিল। কিন্তু শেহতীয়াকৈ সুৰাৰ দাম চৰকাৰে বৃদ্ধি কৰিছে যদিও ব্যৱসায়ী সকলৰ সেই অনুপাতে লাভাংশ বৃদ্ধি নোহোৱাত বিপাঙত পৰে ব্যৱসায়ী যুৱক সকল। সুৰা ব্যৱসায়ী সকলৰ এক সূত্ৰই জানিবলৈ দিয়ামতে এনে ব্যৱসায়ী সকলে বিপনী চলাবলৈ অক্ষম হৈ পৰাৰ পূৰ্ন সুযোগ গ্ৰহণ কৰে একাংশ বণ্ডে।

বণ্ডে তেনে বিপনী এক চুক্তি কৰি নিজৰ হাতলৈ নি মাহিলী নামমাত্ৰ ধন আদায় দি আহিছে অনুজ্ঞাপত্ৰ থকা ব্যক্তি গৰাকীক। অভিযোগ মতে বণ্ডসমূহ এই ব্যৱস্হাৰ জৰিয়তে বণ্ডৰ লগতে সুৰাৰ ৰিটেইল বিক্ৰিৰ লাভাংশ আদায় কৰি আহিছে। শেহতীয়াকৈ আবকাৰী বিভাগে পৌৰ এলেকাৰ অন্তৰ্গত বিলাতী সুৰাৰ বিপনী সমূহে নৱীকৰণৰ বাবদ চৰকাৰক ৪ লাখ টকা আদায় দিয়াৰ জাননী জাৰি কৰিছে। বিলাতী সুৰাৰ ব্যৱসায়ীক সূত্ৰটোৱে অভিযোগ কৰি কয় যে বৰ্তমান ৬ শতাংশ লাভাংশৰে ৪ লাখ নৱীকৰণ, দোকানৰ ভাৰা, কৰ্মচাৰীৰ বেতন ইত্যাদি ভৰণ কৰাটো অসম্ভৱ হৈ পৰিছে।

এনে পৰিস্থিতিত পুনৰ বহু বিলাতী সুৰাৰ বিপনী বাধ্য হৈ অনা অসমীয়া বণ্ডৰ গৰাকীৰ হাতত তুলি দিয়াটো নিশ্চিত। সূত্ৰটোৱে জানিবলৈ দিয়ামতে বৰ্তমান ৰাজ্যখনত ১,৭৮২ খন বিলাতী সুৰাৰ বিপনীৰ অৰ্দ্ধেক বণ্ডৰ হাতত। শেহতীয়াকৈ আবকাৰী বিভাগে জাৰি কৰা জাননী মৰ্মে আৰু একাংশ বিপনী বণ্ডৰ হাতলৈ যোৱাটো নিশ্চিত বুলি সূত্ৰটোৱে দাবী কৰে। উল্লেখ্য যে ৰাজ্যখনত ৮০ খনতকৈ অধিক সুৰাৰ বণ্ড আছে আৰু ইয়াৰে অধিকাংশই অনা অসমীয়াৰ হাতত। বিলাতী সুৰাৰ ব্যৱসায়ী সকলে ৰাজ্য চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে লৈ অসমীয়া ব্যৱসায়ী সকলক সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে। অন্যথা দীৰ্ঘদিন ধৰি বিলাতী সুৰাৰ বিপনী দি চলি অহা সহস্ৰাধিক পৰিয়ালৰ ভৱিষ্যতলৈ এন্ধাৰ নামি অহাটো নিশ্চিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Leave A Reply