Breaking

টীয়কৰ কাকজানত সদৌ চুতীয়া জাতি সন্মিলনৰ ৰাজ্যিক ৰাজনৈতিক জাগৰণ অভিবৰ্তন সম্পন্ন

0 136

দৈনন্দিন বাৰ্তাৰ সেৱা, কাকজান, ৮ নৱেম্বৰঃ সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত  যোৰহাট জিলা  আৰু তিতাবৰ  চুতীয়া জাতি সন্মিলনৰ যৌথ উদ্যোগত টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰ প্ৰাংগণত আজি  ৰাজ্যিক ৰাজনৈতিক জাগৰণ অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। চুতীয়া জাতি সন্মিলনৰ জেষ্ঠ কৰ্মকতা গোপী শইকীয়াই পুৱা বন্তি প্ৰজ্বলনেৰে  শুভাৰম্ভ কৰা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ  সভাপতি অমিয় কুমাৰ বৰা আৰু যোৰহাট জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিলীপ বৰুৱাই। কাকজান কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই সভাখনিত  এটি বৰগীতেৰে সভাখনি আৰম্ভ কৰা হয়। লগতে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি অমিয় কুমাৰ বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়।

সাম্প্ৰতিক সময়ত চুতীয়া জাতিক ৰাজনৈতিক দিশত সৱলভাৱে প্ৰতিষ্ঠা কৰিবৰ বাবে এক জাগৰণ সৃষ্টি কৰাৰ প্ৰয়াসেৰে  এই জাগৰণ অভিৱৰ্তন সভা অনুষ্ঠিত কৰে। ইফালে বিৰাম হীনভাৱে ভাতৃ ভগ্নী সংগঠন চুতীয়া যুৱ সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগত সহযোগিতাৰে ন্যায্য প্ৰাপ্তিৰ বাবে ধাৰাৱাহিক সংগ্ৰাম চলাই আহিছে যদিও ৰাজনৈতিক পাক চক্ৰত পৰি নিদিষ্ট সামাজিক দিশত পিছ পৰি আছে বুলি চুতীয়া জাতি সন্মিলনৰ কেইবাগৰাকী  ব্যক্তিয়ে মত ব্যক্ত  কৰে।

অভিবৰ্তন সভা খনিত  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে  খিলঞ্জীয়া ঐক্য মঞ্চৰ অনুপ চুতীয়াই তেওঁ ভাষণ প্ৰসংগত অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া  সকলৰ লগতে ছয়জনজাতিকৰণৰ  ক্ষেত্ৰত ছয়জনগোষ্ঠী ঐক্য বদ্ধ হলে চৰকাৰেও  জনজাতিকৰন কৰিবলৈ বাধ্য হব বুলি সভাত  মন্তব্য আগৱঢ়াই। লগতে চুতীয়া জাতি সন্মিলনৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰে হোৱা  নিৰ্বাচনৰ প্ৰসংগত গৰিষ্ট সংখ্যক ভোটাৰ থকা অসমৰ কেইবাটাও সমষ্টিত চুতীয়া জনগোষ্টীক প্ৰাৰ্থীত্ব কিয় নিদিয়ে বুলি সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰাৰ লগতে চুতীয়া জনগোষ্ঠীৰ প্ৰধান অঞ্চল সমূহত আগন্তুক  বিধান সভা নিৰ্বাচনত চুতীয়া জনজাতী লোকক প্ৰাৰ্থীত্ব দিবলৈ আহ্বান জনায়। 

Leave A Reply