Breaking

নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় অৱস্থা

0 2,075

পৰিবৰ্তনকামী বিজেপি চৰকাৰে  সদায়  উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে যে চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ বিশেষ পৰিবৰ্তন হোৱা নাই সেয়া বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই সাক্ষ্য বহন কৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা কৌটি টকা খৰচ কৰি নিৰ্মাণ কৰিছে যদিও আজিলৈকে উপলব্ধ হোৱা নাই চিকিৎসাৰ ভাৱে পৰ্যাপ্ত সুবিধা।চিকিৎসালয়ত ৰোগীৰ অনুপাতে নাই চিকিৎসক নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান । স্বাস্থ্য বিভাগে চিকিৎসালয় খনত নাৰ্ছ আৰু আশাকৰ্মী নিয়োগ কৰিছে যদিও প্ৰসুতি প্ৰসৱৰ বাবে নাই নূন্যতম সা-সুবিধা। উল্লেখ্য যে চিকিৎসাল খনত চিকিৎসক কৰ্মচাৰীৰ উপস্থিতও অনিয়মীয়া আৰু প্ৰায়েই দিনৰ ১১ বজাতেই বন্ধ হৈ পৰে স্বাস্থ্য কেন্দ্ৰখন যাৰ বাবে বছৰ বছৰ ধৰি বৃহত্তৰ চৰাঞ্চলৰ ৰাইজে চিকিৎসাৰ নামত যমৰ-যাতনাত ভুগিছে আহিছে। স্বাস্থ্য কেন্দ্ৰ খনলৈ চিকিৎসক, নাৰ্ছৰ লগতে পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান ধৰা ও এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ বাবে নতুন চৰকাৰ খনক দাবী জনাইছে অঞ্চলবাসী ৰাইজে।

Leave A Reply