নাজিৰা, আমগুৰি দুয়োটা সমষ্টিত আছুৰ উদ্যোগত প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

গেলেকী : নাজিৰা আৰু আমগুৰি দুয়োটা সমষ্টিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। ২৪ ছেপ্তেম্বৰৰ আবেলি পৰত তথা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত কৃষক বিৰোধী কৃষি আইন-২০২০ বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে জংগী প্ৰতিবাদ সাব্যস্ত। চাউল, দাইল, আলু, পিয়াঁজ আৰু তেল অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ প্ৰতিবাদত নাজিৰা, লাকুৱা, মথুৰাপুৰ, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই দুয়োখন নগৰৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰি জংগী প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতি প্ৰসাদ কলিতা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুমন কলিতা মহকুমাৰ ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহক সদস্য নন্দন মালাকাৰ উপস্থিত থাকে ৷

Related Articles