Breaking

নিজ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে

0 1,247

গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে উত্থাপন কৰিছে গুৰুত্বৰ অভিযোগ । নিজ জীয়ৰীকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অধ্যক্ষ জনৰ বিৰুদ্ধে । আনহাতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে এনে এক গুৰুত্বৰ অভিযোগৰ উত্থাপন কৰাৰ পিছতে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল।

গুৱাহাটীৰ বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ অষতোশ কুণ্ড আৰু পত্নী গীতা কুণ্ডৰ বিৰুদ্ধে নিজ জীয়ৰীয়ে আনিলে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। ২০১৪ চনৰ পৰা পিতৃয়ে তেওঁক যৌন নিৰ্যাতন আৰু সেইদৰে মাতৃয়ে মানসিক নিৰ্যাতন চলাই থকা বুলি উল্লেখ কৰি সোমবাৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে ।

এই সমূহ কথা আৰক্ষীক জনোৱা বা আৰক্ষীৰ কাষ চপাৰ কথাৰ ক’লেই পিতৃ আৰু মাতৃয়ে যুৱতীগৰাকীক দিছিল প্ৰাণে মৰাৰ ভাবুকি।  যুৱতীগৰাকীয়ে অধ্যক্ষ তথা নিজ পিতৃ অশতোশ কুণ্ডৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত দুৱাৰকৈ যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰে যদিও এই পৰ্যন্ত আটক কৰা নাই আইন মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক। অভিযোগৰ কোনো মিমাংসা নোহোৱা পৰ্যন্ত অধ্যক্ষ জনক নিলম্বন কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ।

Leave A Reply