Breaking

হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত সদ্য অনুষ্ঠিত বুলবুলি চৰাই যুঁজ খেলৰ বঁটা বিতৰণী অনুষ্ঠান…

0 49

তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত, বুলবুলি চৰাই যুঁজ খেল পৰিচালনা সমিতিৰ সহযোগত সদ্য অনুষ্ঠিত হৈ যোৱা ঐতিহাসিক বুলবুলি চৰাই যুঁজ খেলৰ বঁটা বিতৰণী অনুষ্ঠানটি সম্পন্ন কৰা হয়।

ঐতিহাসিক বুলবুলি যুঁজৰ প্ৰথম পুৰস্কাৰ বিজেতা বিশ্বজিৎ বিশ্বাসীক ধনেশ্বৰ ভৰালী সোৱৰনী চলন্ত বঁটা, নগদ ধন ৩০,০০০টকা; দ্বিতীয় পুৰস্কাৰ বিজেতা ক্ৰমে দিপক কলিতা, পৰমেশ নায়ক, নয়নজ্যোতি মালাকৰক ১৩৩ তম হাজো ৰাইজৰ দুৰ্গোৎসৱ উদযাপন সমিতিৰ এককালীন বঁটা,নগদ ধন ২০,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ বিজেতা ঘণশ্যাম মালাকৰ, নিপন দত্ত, বাবুল মজুমদাৰ, শৰৎ দাস, ৰাজীৱ দাস মানৱ দাস, ভবেন ওজা, চন্দ্ৰ কান্ত মালাকৰক শিৰিষ চন্দ্ৰ ওজা সোঁৱৰনী চলন্ত বটা, নগদ ধন ১০,০০০ টকাৰে পুৰষ্কৃত কৰা হৈছে আৰু কিচিন দাসে নিচুকনি বঁটা পাবলৈ সক্ষম হ’য়।

Leave A Reply