Breaking

নাজিৰাত প্ৰহসনত পৰিণত স্বাস্থ্য নিৰীক্ষণ গোটৰ কাৰ্যসূচী : নাম তালিকা প্ৰস্তুত কৰিয়েই দায়িত্ব সামৰিছে স্বাস্থ্য কৰ্মীয়ে

0 64

নাজিৰা

ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা স্বৰূপে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ প্ৰতিটো অঞ্চলত জনসাধাৰণৰ ঘৰে ঘৰে স্বাস্থ্য বিভাগৰ নিৰীক্ষণ গোটৰ দ্বাৰা ঘৰতে প্ৰতিজন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি জ্বৰ, কাঁহ ইত্যাদিৰ লক্ষণ থকা লোকৰ কভিড টেষ্টৰ ব্যৱস্থা কৰিছে যদিও বহু অঞ্চলত পৰ্যাপ্ত স্বাস্থ্য কৰ্মী আৰু উপযুক্ত সা-সৰঞ্জামৰ অভাৱত এনে ব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী নোহোৱা পৰিলক্ষিত হৈছে৷ চলিত মে’ মাহৰ প্ৰথম সপ্তাহত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ দ্বাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে নাজিৰা, আমগুৰি, ডিমৌ আৰু শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া সকললৈ প্ৰেৰিত এছভিচি ১০/কভিড ১৯/২০২০ নং পত্ৰ যোগে ৬/৫/২০২০ তাৰিখৰ পৰা জিলাখনৰ প্ৰতিখন গাঁও-চহৰ অঞ্চলত স্বাস্থ্য বিভাগৰ নিৰীক্ষণ গোটেে ভ্ৰমণ কৰি জ্বৰ-কাঁহ ইত্যাদিৰ লক্ষণ থকা ব্যক্তিসকলক ঘৰতেে স্বাস্থ্য পৰীক্ষা কৰাৰ কথা উল্লেখ কৰি পঞ্চায়ত কৰ্মী আৰু গাঁওবুঢ়াসকলক এনে নিৰীক্ষণ গোটক সকলো প্ৰকাৰে সহহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়াৰ উপৰি ৰাইজৰ মাজত এই বিষয়ে প্ৰচাৰ চলাবৰ কাৰণে অনুৰোধ কৰা হৈছিল যদিও নাজিৰাত এনে নিৰীক্ষণ গোটৰ কাৰ্যসূচী ভেকোভাওনাত পৰিণত হোৱাহে পৰিলক্ষিত হৈছে৷ নাজিৰা নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কোনো ব্যক্তিৰ জ্বৰ-কাঁহ আদিৰ পৰীক্ষা নকৰাকৈ আশা কৰ্মী আৰু নাৰ্চে ঘৰে ঘৰে লোকপিয়লৰ দৰে কেৱল ব্যক্তিৰ নাম আৰু বয়সৰ  তালিকা প্ৰস্তুত কৰি প্ৰতিটো ঘৰৰ সন্মুখত ভিজিটেড বুলি কাৰ্ড এখন আাঁৰিয়েই এনে স্বাস্থ্য নিৰীক্ষণ গোটৰ দায়িত্ব সামৰা কাৰ্যই সমগ্ৰ বিষয়টোকেই উদ্দেশ্যেহীন কৰি তোলা দেখা গৈছে৷ এই সন্দৰ্ভত এই প্ৰতিবেদকে এজন গাঁওবুঢ়াসহ দুগৰাকীমান সংশ্লিষ্ট ব্যক্তিৰ লগত যোগাযোগ কৰাত তেওঁলোকে উপযুক্ত সা-সৰঞ্জামৰ অভাবৰ লগতে ভয়াবহ কভিড-১৯ৰ  পৰা নিজকে সুৰক্ষিত নকৰাকৈ  তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে এই মহামাৰীৰ সময়ত ঘৰে ঘৰে গৈ  বেমাৰী ব্যক্তি বিচাৰি ফুৰাটো  বা স্বাস্থ্য পৰীক্ষা কৰাটো ভয়াবহ কথা আৰু ই তেওঁলোকৰ জীৱনৰ প্ৰতিও এক ভাবুকিস্বৰূপ বুলি কোৱা কথা সঁচাই এক চিন্তনীয় বিষয়, এইক্ষেত্ৰত চৰকাৰ তথা উৰ্ধতন কৰ্তৃপক্ষই জৰুৰীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

Leave A Reply