Breaking

টুপামাৰীত চাৰিগৰাকীকৈ মুকবধিৰ পৰীক্ষাৰ্থীৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ

0 40

বহু উৎকণ্ঠাৰ অন্তত নিৰ্ধাৰিত সময়সূচী মতে আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটোতো  আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। উল্লেখিত পৰীক্ষা কেন্দ্ৰটোত  ছয় খন বিদ্যালয়ৰ মুঠ ৪২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰ উপৰিও নগৰবেৰাৰ সমীপৰ ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সাত খনকৈ বিদ্যালয়ৰ সৰ্বমুঠ ৫২৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ।

ইয়াৰে ২০৫ গৰাকী ছাত্ৰ আৰু ৩২২ গৰাকী ছাত্ৰী। পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হৈছে চাৰি গৰাকীকৈ মুকবধিৰ পৰীক্ষাৰ্থী।পৰীক্ষা কেন্দ্ৰটোৰ ফিডাৰ স্কুল বৰপেটাৰ আজগৰ আলী মেমোৰিয়েল হাইস্কুলৰ ছাত্ৰী চাৰিগৰাকী মুকবধিৰ পৰীক্ষাৰ্থীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।প্ৰথম দিনটোতে পৰীক্ষা কেন্দ্ৰটোৰ সন্মুখত শ শ লোকৰ সমাগম হয় যদিও শান্তিপূৰ্ণভাৱেই চলিল পৰীক্ষা।আনহাতে বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত চাৰি খন বিদ্যালয়ৰ পৰা মুঠ ৫৭৯ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে বাঘমাৰাচৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো পাঁচ খন বিদ্যালয়ৰ মুঠ ৪০৩ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি জনা গৈছে ।

উল্লেখ্য যে, কামৰূপ আৰু বৰপেটা জিলাৰ চৰাঞ্চলৰ উল্লেখিত প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে ৰাতিপুৱাৰ ভাগত শ শ লোকৰ সমাগম ঘটে যদিও পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত নিয়োজিত হৈ থকা আৰক্ষীয়ে ৰাইজক আতৰাই দি সুকলমে পৰীক্ষা পৰিচালনা কৰাৰ ক্ষেত্ৰত সহ সহযোগিতা আগবঢ়ায় ।ইপিনে জীৱনৰ প্ৰথমটো পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকল চিন্তিত যদিও ভাল ফলাফলৰ আশা বুকুত বান্ধি লৈ পৰীক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হৈছে।পৰীক্ষাথীসকলৰ অভিভাৱক সকলেও ভাল ফলাফলৰ কামনা কৰি নেদেখা জনৰ ওচৰত নিজৰ লৰা -ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰিছে।উল্লেখিত প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে শান্তিপূৰ্ণ ভাৱে পৰীক্ষা অনুষ্ঠিত হৈ যায়

Leave A Reply