Breaking

ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সতে আলোচনাত মিলিত হৈছে ওৰাংৰ পূজা পৰিচালনা সমিতি ।

0 2,012

সমগ্ৰ দেশক কৰোণা মহামাৰীৰ আতংকৰ পৰা দেশৰ সৰ্বসাধাৰণ ৰাইজে কিছু সকাহ পোৱাৰ সময়ত সন্মুখত আহি পাইছেহি শ্ৰী শ্ৰী দুৰ্গা মাৰ মহাউৎসব । দুৰ্গাপূজালৈ মাত্ৰ চাৰিদিন থকাৰ সময়তে ওৰাং অঞ্চলৰ দুৰ্গাপূজা উদযাপন সমিতি সমূহে ব্যাপক প্ৰস্তুতি চলাইছে। অৱশ্যে এইবাৰ সকলো পূজা কমিটিয়ে চৰকাৰী নীতি নিৰ্দেশনা মানি পূজা উদযাপন কৰিব ।সৰ্বসাধাৰণ ৰাইজে দুবছৰে পূজা উদযাপন কৰাৰ পৰা বিৰত থাকিব লগীয়া হোৱাৰ পিছত এইবাৰ আগৰ তুলনাত কিছু  সকাহ পোৱাত হেতুকে  ভক্ত বৃন্দৰ  মাজত উৎসাহ উদ্দীপনা ,আনন্দ উল্লাহৰ পৰিবেশ পৰিলক্ষিত হৈছে । ওৰাং ৰাজহুৱা দুৰ্গাপূজা উদযাপন সমিতি, চমুৱাগাঁও ,পশ্ছিম চমুৱাগাঁও,গৰুবান্ধা, ওৰাং সপ্তাহিক বজাৰ , ওৰাং বাগান  ৰৌমাৰী,নিছিলামাৰী,গেলাবিল, পাউৰীপোটা , লক্ষ্মী মন্দিৰ দুৰ্গা পূজা , লগতে ওৰাং অঞ্চলৰ  ১৯ খনকৈ পূজা সমিতিয়ে গ্ৰ্হন কৰিছে তেওঁ লোকৰ কাৰ্যপন্থা। ওৰাং চাৰিআলি মিলনজ্যোতি সংঘদুৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি  জনাইছে-দুবছৰ ধৰি কমিব মহামাৰীৰ বাবে দুৰ্গাপূজা পাতিব পৰা নাছিলো্।এইবাৰ চৰকাৰে কমিব নীতি নিয়ম মানি পূজা পাতিবলৈ অনুমতি দিছে। সেইয়ে আমি কমিব নীতি মানি পূজা পাতিবলৈ সাজু হৈছো। সকলো সেচ্ছাসেৱক সকল সাজু হৈ উঠিছে। নৱৰাত্ৰি দিনৰ পৰাই আমাৰ পূজাৰ আনুষ্ঠানিকতা উদ্বোধন হৈছে। ইতিমধ্যে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়াংকুৰ হাজৰিকা , মাজবাটৰ চক্ৰ বিষয়া উৎপল ডেকা  সৈতে পূজা সমিতিৰ ইতিমধ্যে আলোচনা পৰ্য্যালোচনা হৈছে বুলি জানিবলৈ দিয়ে  ৷

Leave A Reply