Breaking

ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখলক লৈ চৌদিশে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। মাটি দখলৰ অভিযোগ পালেগৈ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়

0 1,558

হোজাই : হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত ২০ বছৰৰ পৰা চলিছে ভাড়াঘৰত, ডবকা নগৰৰ মাজমজিয়াত মাটি থকা সত্বেও নিৰ্মাণ কৰা হোৱা নাই কাৰ্যালয়খন, মাটি দখলৰ অভিযোগ তুলি এটা চক্ৰই অভিযোগ দাখিল কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত। অসম বিধান সভাতো স্থান পাইছিল ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখল প্ৰসংগটো। এই লৈ হোজাই জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ডবকা ৰেভিনিউ কিচামতৰ 132 নং মাদ্যী পট্টাৰ 206 নং দাগৰ মনুচুকা মহেশ্বৰী আৰু পুছুৰাজ মহেশ্বৰী নামৰ দুজন মাৰোৱাৰী লোকৰ মাটি বিগত 5/3/19 তাৰিখে খৰিদদাৰ সূত্ৰে 476 আৰু 477 নং দলিল মৰ্মে ডবকাৰ বিৰেন কুমাৰ খাখোলীয়া, চৰাফতসহ অন্য দুজনৰ নামত নামজাৰি হোৱাৰ পিছতেই তৃতীয় পক্ষৰ একাংশ লোকে বিষয়টো অন্য ৰূপ দিয়াৰ অভিযোগ কৰিছে বিৰেন কুমাৰ খাখোলীয়াই। লগতে চক্ৰটোৱে জধে মধে ভুৱা অভিযোগ দাখিল কৰাৰো অভিযোগ উত্থাপন হৈছে। তদানীন্তন চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ নামো সাঙুৰ খোৱাই চক্ৰটোৱে সামাজিক মাধ্যমত অপপ্ৰচাৰত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছে। উক্ত চক্ৰটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে খাখোলীয়াই। প্ৰাপ্ত তথ্য অনুযায়ী ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গ ডবকা ৰেভিনিউ কিচামতৰ 132 নং ম্যাদি পট্টা 206 নং দাগৰ মনুচুকা মহেশ্বৰী পিতা ৰঘুলাল আৰু পুছুৰাজ মহেশ্বৰী পিতা উদয় চান্দ, নামৰ দুজন ব্যক্তিৰ নামত 4 বিঘা 17 লোচা ম্যাদি মাটি NRQ1/75/19 নং চিঠি মৰ্মে, 7/5/1976 চনত ইকুয়েচন বাবত পট্টাৰ পৰা ৰদ কৰি গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ বাবে চৰকাৰীকৰণ কৰা হৈছিল। তাৰ পিছতেই মনুচুকা মহেশ্বৰী আৰু পুছুৰাজ মহেশ্বৰী য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্ত হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 63/86 নং গোচৰৰ হুকুম মৰ্মে, তেতিয়াৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ৰাজহ নগাঁও বিভাগে NRK 22/92 (A) 5/5/92 তাৰিখে চাবেক পট্টা দাৰ সকলৰ নামত বাহাল ৰাখে, পিছত 51/05_06 নং গোচৰ মৰ্মে 20/4/2006চনত 206 দাগৰ অংশ সুত্ৰে উ: দ: সূত্ৰে হনুমান দাস মহেশ্বৰী চম্পা লাল মহেশ্বৰীৰ নামত নামজাৰি হয়, তাৰ পিছত উক্ত তাৰিখতেই চম্পালল মহেশ্বৰীৰ স্থলত উ: দ: সূত্ৰে শীতাৰাম, লক্ষী নাৰায়ণ, শীৱ ভগৱান মহেশ্বৰী আৰু মাতৃ ভতি দেৱীৰ নামত নামজাৰি কৰা হয়। তাৰ পিছত 5/3/19 তাৰিখে 476 আৰু 477 দলিল মৰ্মে 27/3/19 বৰ্ষত HOJ/DAB/2018/_19/281আৰু 282 OMUT গোচৰ মৰ্মে বিৰেন কুমাৰ খাখোলীয়াসহ অন্য তিনিজনৰ নামত নামজাৰি হোৱাৰ পিছতেই ঘটনাটো অন্য ৰূপ ধাৰণ কৰিছে। বিগত বহু বছৰৰ পৰা মাটি ডোখৰ পৰিতক্ত অৱস্থাত পৰি আছিল, মাটিৰ গৰাকী কলকাতা আৰু ৰাজস্থানত বসবাস কৰি আছে। উক্ত মাটিৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিও পৰিতক্ত অৱস্থাত পৰি থকাৰ সুবাদতে এটা চক্ৰয় মাটি ডোখৰত সেন চকু ৰখাৰ চৰ্চা চলিছে, ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ SK ৰিজুমনি কটকিয়ে কোৱা মতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখল হোৱা নাই আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ে কাৰো মাটি দখল কৰা নাই এয়া এক মিছা প্ৰচাৰ। বৰঞ্চ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিৰ ওপৰেৰে ডিফুলৈ যোৱা গড়কাপ্তানী ৰাস্তা বৈ গৈছে, গঢ়কপ্তানি ৰাস্তাৰ মাটি হে এটা চক্ৰই দখল কৰি দোকান পাঠ সাজি দখল কৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তদানীন্তন ডবকা নগৰৰ লাঠ মণ্ডল তথা বৰ্তমান ভাৰপ্ৰাপ্ত S. K ৰিজুমনি কটকিয়ে। প্ৰশাসনৰ সঠিক তদন্তৰ পিছতেই জলজল পটপট হৈ পৰিব বুলি দাবী কৰিছে ভাৰপ্ৰাপ্ত কানুনগৰ কটকিয়ে।

Leave A Reply