Breaking

কাজিয়াৰ পৰিণতিঃ মহিলাই কামুৰি চোবাই খাই থলে চুবুৰীয়াৰ কাণ!

0 27

আগ্ৰাত ঘটিছে এক অদ্ভূত ঘটনা৷ ঘৰৰ মূল জপনা বন্ধ কৰাকলৈ লগা এখন কাজিয়াৰ পৰিণতিত এগৰাকী লোকে হেৰুৱাবলগীয়া হ’ল তেওঁৰ এখন কাণ৷ এগৰাকী মহিলাই চুবুৰীয়া লোক এজনৰ কাণ কামুৰি চিঙি পোলোৱাৰ লগতে কাণখনৰ এটা অংশ গিলিও থয়৷ ঘটনাটো ঘটিছে আগ্ৰাত৷ এই ঘটনাৰ পিছতে অঞ্চলটোত ক্ষোভৰ সৃষ্টি হৈছে। প্ৰকৃততে কি ঘটিছিল? ভুক্তভোগী লোকজনৰ নাম ৰামবীৰ বাঘেল৷ তেওঁ পেছাত এজন ৰিক্সাচালক। অভিযুক্ত মহিলাগৰাকীৰ নাম ৰাখী আৰু তেওঁ নিউ আগ্ৰা অঞ্চলত বাঘেলৰ ঘৰৰ একেটা চৌহদতে বাস কৰে।

বাঘেলে পুৱা ৬ বজাত ওলাই গৈছিল। কিন্তু সেই সময়ত তেওঁ খৰখেদা হোৱা বাবে বাহিৰৰ জপনাখন বন্ধ কৰিবলৈ পাহৰি গৈছিল। ইয়াৰ পিছতে ৰাখীয়ে চিঞৰিবলৈ ধৰিছিল। তেওঁ ৰামবীৰক মাতি আনি দুৰ্ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। ৰামবীৰে ৰাখীৰ কথাত বাধা দিবলৈ চেষ্টা কৰিছিল, ৰাখীৰ স্বামীও সেই স্থানলৈ আহিছিল। তেওঁ ৰামবীৰক জপতিয়াই ধৰিছিল। হঠাতে ৰাখীয়ে জঁপিয়াই ৰামবীৰৰ কাণ এখন কামুৰি চিঙি আনিছিল। তেওঁ মুখৰ ভিতৰতে কাণ খন চোবাই গিলি থৈছিল৷ আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৫ আৰু ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষী বিষয়া আৰিব আহমেদে কয় যে তেওঁলোকে ৰাখীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই আছে।

Leave A Reply