Breaking

চেইন্ট থমাছ কেথলিক গীৰ্জা ঘৰৰ সাহায্যার্থে অনুষ্ঠিত উপহাৰ কুপনৰ খেলৰ ফলাফল ঘোষণা…

0 31

উৰিয়ামঘাটৰ ১ নং চেইনপুৰত চেইন্ট থমাছ কেথলিক গীৰ্জা ঘৰৰ সাহায্যার্থে খেলুৱা উপহাৰ কুপনৰ খেলখন দেওবাৰে অনুষ্ঠিত হয়। অনুষ্ঠিত উপহাৰ কুপন খেলত প্ৰথম পুৰস্কাৰ হিচাপে এখন ওৱেগনাৰ গাড়ীৰ লগতে দহ(১০) খনকৈ মটৰচাইকেল আৰু স্কুটীসহ মুঠ একৈশটা কৈ উপহাৰৰ বাবে খেল অনুষ্ঠিত হয়। অনুষ্ঠিত উপহাৰ কুপন খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হালধিবাৰী লাচিত গাঁৱৰ পঞ্চায়তৰ সভাপতি বাবু কমাৰ আৰু ঘোলাপানি আউট প’স্টৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছোটেলাল ছোৱান।

উপহাৰ কুপনত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা সকলো বিজেতাই উপযুক্ত প্ৰমাণ তথা নথি-পত্ৰ দাখিল কৰি পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিব পাৰিব বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে।

Leave A Reply