Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত। গঁড়টোৰ চিকিৎসাৰ বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত ব‍্যস্ত এটা চিকিৎসকৰ দল।

0 1,284

কলিয়াবৰ : শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো কিছু সুস্থ হৈ উঠিছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত অৱস্থান লৈ থকা অসুস্থ গঁড়টো বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী ডা০ কুশল কুমাৰ শৰ্মাৰ তত্বাৱধানত এটি চিকিৎসকৰ দলে পৰ্য‍্যবেক্ষণ কৰি আছে।ডা০ শৰ্মাই প্ৰকাশ কৰা মতে, গঁড়টো ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও চকুৰ বিসঙ্গতি থকাৰ  বাবে কিছু অসুবিধাত পৰিছে। কালিৰে পৰা খাদ‍্য গ্ৰহণ কৰাৰ লগতে গঁড়টোক পৰ্য‍্যাপ্ত চিকিৎসা সাহাৰ্য‍্য আগবঢ়োৱাৰ ফলত যথেষ্ট সুস্থ দেখা গৈছে। প্ৰায় ২৭ বছৰ বয়সৰ বয়ষ্ক গঁড়টো পুৱা কিছু দুৰ সাঁতুৰিছিল বুলিও প্ৰকাশ কৰে ডা০ শৰ্মাই। সেয়ে গঁড়টৈ বিশেষ ব‍্যৱস্থাৰে উদ্ধাৰৰ পৰিকল্পনা সদ‍্যহাতে পৰিহাৰ কৰিছে বুলিও চিকিৎসক গৰাকীয়ে কয়। কুঠৰীৰৰ সমীপৰ বাঘমাৰীত অৱস্থান লৈ থকা গঁড়টোৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে উদ‍্যান কৰ্তৃপক্ষ, বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী প্ৰশাসন।

Leave A Reply