চেনি খোৱাৰ সঠিক সময়ঃ ৰাতিপুৱা নে সন্ধিয়া, মিঠা বস্তু খোৱাৰ সঠিক সময় জানি লওক…

আমি সকলোৱে মিঠাই খাই ভাল পাওঁ। কিন্তু মিঠাই খোৱাৰ উপযুক্ত সময় আছে, যদি আপুনি সঠিক সময়ত মিঠাই খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। বহুতে ৰাতিপুৱা সাৰ পাইয়ে মিঠাই খায়, আন কিছুমানে ৰাতি শোৱাৰ পূৰ্বে মিঠাই খায়। মিঠাই খোৱাৰ উপযুক্ত সময়ৰ বিষয়ে জানি লওক… কোৱা হয় যে ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য। কিন্তু, ৰাতিপুৱা মিঠাই খালে আপোনাৰ গোটেই দিনটো নষ্ট হ’ব পাৰে! হয়, মিঠাই খালে তেজৰ চেনি দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ বাবে আপুনি ভাগৰুৱা, খিংখিঙীয়া অনুভৱ কৰিব পাৰে। লগতে মিঠা খাদ্যত প্ৰটিন, আঁহ আৰু ভিটামিন আদি প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ, যাৰ বাবে আপোনাৰ শৰীৰে সম্পূৰ্ণ পুষ্টি নাপায়।ফলত ওজনো বৃদ্ধি পাব পাৰে। বিশেষজ্ঞসকলৰ মতে মিঠাই খোৱাৰ উত্তম সময় হ’ল দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত, কাৰণ আপোনাৰ শৰীৰে গোটেই দিনটো কেলৰি নষ্ট কৰিবলৈ সময় পায়। দুপৰীয়াৰ আহাৰ খোৱাৰ প্ৰায় এঘণ্টা পিছত মিঠাই খাব লাগে কাৰণ আহাৰ খোৱাৰ লগে লগে খালে পেট ফুলি উঠিব পাৰে আৰু অস্বস্তিত পৰিব পাৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত মিঠাই খালে খাদ্যত থকা পুষ্টিকৰ উপাদানৰ উপকাৰিতা লাভ কৰি তেজৰ চেনিৰ মাত্ৰা সুস্থিৰ কৰি ৰাখিব পাৰি। কিন্তু মনত ৰাখিব মিঠাই খোৱাৰ পিছত অলপ সময় খোজ কঢ়াটো জৰুৰী।

Related Articles