Breaking

নাপ্তাপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ পৰা চোৰে লুটি নিলে পাঁচ লাখ টকাৰ সম্পত্তি

0 73

দৰঙৰ পাথৰিঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নাপ্তাপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ পৰা চোৰে লুটি লৈ গ’ল প্ৰায় পাঁচ
লাখৰো অধিক টকাৰ সম্পত্তি।


নাপ্তাপাৰা উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা নিশা সৌৰশক্তি আহৰণ কৰা ষোল্লখন প্লেট চুৰি কৰে।

আনহাতে এখন অৰ্ধভগ্ন অৱস্থাত পেলাই থৈ যায়। পাঁচ কিলোৱাট বিদ্যুৎ আহৰন কৰিব পৰা উচ্চ ক্ষমতা সম্পন্ন মেছিনৰ প্লেট সমুহ চোৰ হোৱাত ৰাইজে আচৰ্য প্ৰকাশ কৰে।

ঘটনা সন্দৰ্ভত উপস্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই পাথৰিঘাট আৰক্ষীক এজাহাৰ দাখিলৰ পিছতে আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।

ৰাইজৰ প্ৰশ্ন- সঘনাই হৈ থকা এই চুৰি কাৰ্য ৰোধ কৰিবলৈ সক্ষম হ’ব নে দৰং আৰক্ষীয়ে ?

Leave A Reply