Breaking

বৰষুণৰ ঢলত ৰাজ‍্যৰ জল সম্পদ বিভাগে নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ শৈল স্পাৰ ক্ষতিগ্ৰস্ত : কলিয়াবৰীয়া ৰাইজ শঙ্কিত হোৱা কাৰণ নাই, জনালে বিভাগীয় সূত্ৰই ।

0 86

কলিয়াবৰ :

কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া হাতীমূৰা পাহাৰ, সেয়ে ঠাইখনৰ নাম হাতীমূৰা। এই হাতীমূৰা পাহাৰতে আছে মহিমৰ্দ্দিনী দুৰ্গা মন্দিৰ। এই স্থানতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰিবলৈ এক শৈল স্পাৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু সেই শৈল স্পাৰে যেন কলিয়াবৰবাসীক ক্ষণিকৰ বাবে হ’লেও যেন শঙ্কিত কৰি তোলে। উৎস এক সামাজিক মাধ‍্যমৰ বাৰ্তা।
‘এবাৰ সাপে খালে লেজুলৈও ভয়’ বুলি অসমীয়াত এষাৰ বাক‍্য আছে। কলিয়াবৰতো তেনে হ’ল! যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি সৃষ্টি হোৱা ভয়াবহ বানৰ কথা পাহৰিব নোৱাৰা কলিয়াবৰবাসী ব্ৰহ্মপুত্ৰৰ কাষৰ হাতীমূৰাত নৱ-নিৰ্মিত এক শৈল স্পাৰৰ কিছু অংশ বৰষুণৰ পানীয় ক্ষতিগ্ৰস্ত কৰাৰ বাতৰি সামাজিক মাধ‍্যমত প্ৰচাৰ হোৱাৰ লগে-লগে পুণৰ শঙ্কিত হৈ পৰিল। পিচে শঙ্কা প্ৰশমনৰ বাবে আগবাঢ়ি আহিল স্থানীয় বিধায়ক তথা ৰাজ‍্যৰ মন্ত্ৰী কেশৱ মহন্তৰ জল সম্পদ বিভাগ।
হাতীমূৰা পাহাৰৰ পৰা এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন আঁচনি কলং উত্তোলিত জলসিঞ্চন প্ৰকল্পলৈকে অলপতে ৪৩০ মিটাৰ দৈৰ্ঘ‍্যৰ এক শৈল স্পাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। এই স্পাৰছোৱা ৰাজ‍্যৰ জল সম্পদ বিভাগৰ তত্বাৱধানত এম. পি. আগৰৱালা আৰু তপন মেধী নামৰ দুজন ব‍্যক্তিৰ মালিকানাধীন ঠিকাদাৰ প্ৰতিষ্ঠান দুটাই নিৰ্মাণ কৰা স্পাৰটো কেইবাদিনো ধাৰাসাৰ বৰষুণৰ ঢলে প্ৰায় ৩ মিটাৰ অংশ ক্ষতিগ্ৰস্ত কৰে। স্পাৰটো ক্ষতিগ্ৰস্ত হোৱা বাতৰি সামাজিক মাধ‍্যম যোগে প্ৰচাৰ হোৱাত জল সম্পদ বিভাগৰ বিষয়াই ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি শঙ্কাৰ কোনো কাৰণ নাই বলি জনাই।
স্পাৰটো নিৰ্মাণ হোৱা স্থানেদি হাতীমূৰা পাহাৰ আৰু স্থানীয় গাঁৱৰ বৰষুণৰ বুজন পৰিমাণ পানীভাগ ব্ৰহ্মপুত্ৰ বুকুত পৰেগৈ। সেই উদ্দেশ‍্যেই হাতীমূৰা মন্দিৰ আৰু গাঁৱৰ দিশৰ পৰা দুটা নলা নিৰ্মাণৰ আঁচনি আছে। কিন্তু গাঁৱৰ দিশৰ পৰা অহা নলাটো এতিয়াও অসম্পূৰ্ণ হৈ থকাৰ বিপৰীতে হাতীমূৰা মন্দিৰৰ দিশৰ নলাটোৰ কাম এই পৰ্য‍্যন্ত আৰম্ভই হোৱা নাই। তেনে অৱস্থাত মন্দিৰৰ দিশৰ বৰষুণৰ পানী ভাগ স্পাৰত প্ৰস্তাৱিত নলাৰ বাবে ৰখা স্থানেদি বৈ যোৱাত প্ৰায় ৩ মিটাৰৰ অংশ এটা তললৈ বহি যায়। সুখৰ বিষয় যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে স্পাৰটোৰ কোনো ক্ষতি কৰিব পৰা নাই। ইতিমধ‍্যে জল সম্পদ বিভাগে ততাতৈয়াকে ক্ষতিগ্ৰস্ত হোৱা অংশ মেৰামতিৰ নিৰ্দেশ দিছ। লগতে বৰষুণৰ পানীভাগ ব্ৰহ্মপুত্ৰৰ বুকুলৈ বোৱাই নিবলৈ দুয়োটা নলা অনতি পলমে নিৰ্মাণ কৰিবলৈ ব‍্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই।
সুখৰ বিষয় যে, ক্ষতিগ্ৰস্ত হোৱা অংশৰ পৰা কলিয়াবৰৰ কোনো ক্ষতি নহয় বুলি বিভাগীয় সূত্ৰৰ পৰা জনিব পৰা হৈছে।তৎস্বত্বেও, স্থানীয় বিধায়কৰ দায়িত্বত থকা জল সম্পদ বিভাগৰ আঁচনি ৰূপায়ণত যেন ক’ৰবাত যেন বিসঙ্গতি আছে বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

Leave A Reply