Breaking

ৰৌতাৰ মাজবাটত দলিলৰ ৰমৰমীয়া কলা বজাৰ ।

0 2,017

শাসনাধিষ্ঠিত বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ  কথা কৈ স্বচ্ছ নিকা  দুৰ্নীতিমুক্ত এখন অসম গঢ়িবলৈ চৰকাৰী  বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মছাৰী সকলক মুখ্যমন্ত্ৰী  ড0 হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ।যদিও একাংশ দালাল আৰু এটা দুষ্ট চক্ৰই  মুখ্যমন্ত্ৰীৰ এই নিৰ্দ্দেশক প্ৰত্যাহ্বান জনাই   ওদালগুৰি,ওৰাং, ৰৌতা আৰু মাজবাটত ১০ টকীয়া এখন দলিলৰ দাম  ১০০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত বিক্ৰী কৰাত সচেতন ৰাইজৰ মাজত চকু কপালত উঠিছে । প্ৰাপ্ত তথ্য মতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকত বিনামূলীয়া নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । উল্লেখযোগ্য যে যি সকল ছাত্ৰ ছাত্ৰীৰ  অভিভাবকে চৰকাৰী কৰ্মচাৰী নহয় সেই সকল ছাত্ৰ ছাত্ৰীয়ে  এই বিনামূলীয়া নাম ভৰ্তি কৰিব পাৰিব ।  আৰু সেই সকল অভিভাবকে মহাবিদ্যালয় কৰ্তৃপক্ষক ১০ টকীয়া এখন দলিলৰ জৰিয়তে তেওঁ চৰকাৰী কোনো বিভাগৰে বেতনভোগী কৰ্মচাৰী নহয় বুলি  লিখিত ভাবে জনাব লাগিব । কিন্তু এই ১০ টকীয়া দলিল খনৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ওদালগুৰি,ওৰাং, ৰৌতা আৰু মাজবাটৰ একাংশ  কম্পিউটাৰ,জেৰক্স আৰু  কিতাপ দোকানীয়ে ১০ টকীয়া এই দলিল খনৰ মুল্য ১০০ টকাৰ পৰা  ১৫০ টকা পৰ্যন্ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত  বিক্ৰী কৰি আহিছে । দলিলৰ নাটনি দেখুৱাই এই সকল দোকানীয়ে   এনেদৰে ছাত্ৰ ছাত্ৰী তথা অভিভাবক সকলক   অধিক দামত দলিল কিনিবলৈ  বাধ্য কৰোবাত  স্বাভাৱিকতে জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে একাংশ ছাত্ৰ ছাত্ৰীয়ে উপায়ন্তৰ হৈ ১০০ টকা ১৫০ টকাটো দলিল কিনিবলৈ নোপোৱাত ২০০ টকাত কলা বজাৰত দলিল কিনিব লগীয়া হোৱাত মুখ্যমন্ত্ৰীৰ এই  শূন্য সহনশীলতা, দুৰ্নীতিমুক্ত স্বচ্ছ নিকা অসম গঢ়াৰ প্ৰতি শ্ৰুতিৰ কথা  বিটিএডি তথা ওদালগুৰি জিলাত  পাহৰণিৰ গৰ্ভত বুলি ক্ষোভ প্ৰকাশ কৰিছে অভিভাবক ,ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে সচেতন মহলে । কিয়নো ক’ভিড কালৰ লকডাউনে সকলো স্তৰৰ লোককে অৰ্থনৈতিক ভাৱে  জুৰুলা কৰা  সময়ত এনেদৰে   এখন ১০ টকীয়া দলিলৰ মুল্য   প্ৰয়োজনীয় মূল্যতকৈ  সীমা চেৰাই যোৱাত ওদালগুৰি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে সচেতন মহলে । তদুপৰি ওৰাং, ৰৌতা আৰু মাজবাটৰ ছাত্ৰ- ছাত্ৰী সকলে সাংবাদিকক জানিবলৈ দিয়া মতে  এই ১০ টকীয়া দলিল খন ওদালগুৰি,ৰৌতাত ৮০ পৰা ১৫০ টকা, ওৰাঙত ৪০ টকা, মাজবাটত ৫০ টকা আৰু কলা বজাৰত ২০০ টকা বুলি জানিবলৈ দিছে । তথাপিও বহু ছাত্ৰ ছাত্ৰীয়ে দলিল পোৱা নাই বুলি জানিব পৰা গৈছে ।

Leave A Reply