দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ সভাগৃহত বাৰ্তা বাহক নতুন বাৰ্তা হোৱাট্ছ এপ গ্ৰুপৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আৰু বাৰেৰহণীয়া কাৰ্যসূচী সমাপন ৷ সমাজৰ বাবে সেৱা আগবঢ়োৱা ২০ গৰাকী সাংবাদিক ক্ৰমে জয়দেৱ ডেকা, লক্ষ্যধৰ শইকীয়া, দ্বীপেন ডেকা, কনআলি হাজৰিকাকে ধৰি চিকিৎসক, ডা° জয়ন্ত ডেকা আৰু কেইবাগৰাকী গাঁওপ্ৰধান , শিক্ষক , সমাজসেৱকসহ ৭১ গৰাকী ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা ৷


কেইবাগৰাকী আগশাৰীৰ শিল্পীয়ে গীত আৰু নৃত্য পৰিৱেশন কৰা অনুষ্ঠানটিত শিশু শিল্পী আশ্বাস আয়ুস্মানে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷

