Breaking

বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত…

0 45

লোকচক্ষুৰ সমুখত ৰাজহুৱা বজাৰতে এগৰাকী মহিলাক বৰ্বৰোচিত আক্ৰমণ কৰি চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি হত্যা কৰিছে এক দুৰ্বৃত্তই। শনিবাৰে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰাপাইণ্টী বজাৰত।

মহিলাগৰাকীক অংগচ্ছেদ কৰাৰ পিছতে দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আক্ৰমণৰ কিছু সময়ৰ পিছতে বজাৰত থকা লোকসকলে বজাৰলৈ নিয়মীয়াকৈ অহা মহিলাগৰাকীক চিনাক্ত কৰে আৰু ঘটনাৰ বিষয়ে তেওঁৰ স্বামী অশোক যাদৱক অৱগত কৰে

এই খবৰ লাভ কৰাৰ পাছতে অশোক ঘটনাস্থলীত উপস্থিত হয় আৰু বজাৰত থকা কিছু লোকৰ সহযোগত আহত মহিলাগৰাকীক মায়াগঞ্জৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

ইফালে স্থানীয় আৰক্ষীক ঘটনাৰ বিষয়ে অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে আহত অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ সময়ত আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰে।

তেওঁৰ ভাষ্য আধাৰতে অভিযুক্ত হত্যকাৰী গৰাকীৰ নাম মহম্মদ চাকিল বুলি আৰক্ষীয়ে উল্লেখ কৰে। এটা পাত্ৰৰ ভিতৰত লুকুৱাই ৰখা চোকা অস্ত্ৰৰে চাকিলে মহিলাগৰাকীক আক্ৰমণ চলাইছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

ইফালে এই নৃশংস কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচগৰাকী লোকক জেৰাৰ বাবে আটক কৰে আৰক্ষীয়ে। ইফালে অভিযুক্ত চাকিল এতিয়াও পলাতক হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Leave A Reply